চিকিৎসা সেৱা এক সৰ্বোত্তম মানৱসেৱা। অথচ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাকৰিৰ নিয়মীয়াকৰণৰ অপেক্ষাত জীৱনৰ ২৬টা পৰ্য্যন্ত বছৰ পাৰ কৰা শতাধিক মাষ্টাৰ ৰ’ল কৰ্মচাৰীয়ে নিজে বঞ্চনাৰ চিকাৰ হৈ আগবঢ়াব লগা হৈছে এই জৰুৰী সেৱা।
চিকিৎসালয়খনৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ লগতে স্থায়ী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত চৰকাৰী শোষণৰ কাহিনী ফাদিল কৰাৰ পিছত নৰ্থ ইষ্ট নাও-ৰ চৰজমিন তদন্তত এইবাৰ পোহৰলৈ আহিছে চিকিৎসালয়খনৰ মাষ্টাৰ ৰ’ল কৰ্মচাৰীসকলৰ ক্ষেত্ৰত হোৱা এই বঞ্চনা।
অতি কম দৰমহাত সেৱা আগবঢ়াই অহা চিকিৎসালয়খনৰ মাষ্টাৰ ৰ’ল কৰ্মচাৰীসকলৰ চাকৰিৰ নিয়মীয়াকৰণ অন্তিমবাৰৰ বাবে হৈছিল ১৯৯২ চনত, অৰ্থাৎ আজিৰ পৰা ২৬ বছৰ পূৰ্বে।
‘মই ১৯৯২ চনৰ পৰাই ইয়াত মাষ্টাৰ ৰ’ল কৰ্মী হিচাপে আছো। ১৯৯২ চনত শেষবাৰৰ বাবে মাষ্টাৰ ৰ’ল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হৈছিল,’ নৰ্থ ইষ্ট নাও-ক জনাই এগৰাকী মাষ্টাৰ ৰ’ল কৰ্মীয়ে।
১৯৯২ চনত প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অগপ চৰকাৰৰ কাৰ্য্যকালত ১২৭ জন এনে কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হৈছিল বুলি জানিবলৈ দিয়ে কৰ্মচাৰীজনে।
তাৰ পূৰ্বে ১৯৭৯ চনত একাংশ আৰু ১৯৮৭ চনত ১০৫ গৰাকী মাষ্টাৰ ৰ’ল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হোৱাৰ উদাহৰণ দাঙি ধৰি কৰ্মচাৰীজনে নৰ্থ ইষ্ট নাও-ক জনায় যে আগতে মাষ্টাৰ ৰ’ল কৰ্মচাৰীৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হৈছিল।
চিকিৎসালয়খনৰ আন স্থায়ী চৰকাৰী কৰ্মচাৰীসকলৰ সমানে কাম কৰা এইসকল মাষ্টাৰ ৰ’ল কৰ্মচাৰীৰ বৰ্তমান দৰমহা মাহে মাত্ৰ ৯ হাজাৰ টকা।
চিকিৎসালয়খনত বৰ্তমান ১২৮ গৰাকী মাষ্টাৰ ৰ’ল কৰ্মচাৰী আছে বুলি জানিব পৰা গৈছে।
এই কৰ্মচাৰীসকল ৱাৰ্ড বয়, ছাফাই কৰ্মী আৰু এম আৰ ডি বিভাগত কৰ্মৰত হৈ আছে।
অধিকাৰ-বঞ্চিত কৰ্মচাৰীৰ পৰা উত্তম সেৱা আশা কৰাটো ন্যায়সংগতনে?
নিপীড়িত কৰ্মচাৰীৰ দলেৰে কিদৰে অসমৰ ৰাইজক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?