NORTHEAST NOW (Assamese)

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লোহাৰ আলমাৰিত বন্দী মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’

July 21, 2018 9:27 pm · অনিৰ্বাণ পাঠক
Updated: July 21, 2018 10:04 pm

উত্তৰ-পূবৰ প্ৰধান চিকিৎসা কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আলমাৰিত বন্দী হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশে-বিদেশে মনোমোহা প্ৰচাৰ চলাই অহা ‘ডিজিটেল ইণ্ডিয়া’।

মোদীৰ ৫ বছৰীয়া কাৰ্য্যকাল সমাপ্ত হ’বৰ হ’ল, কিন্তু আজি পৰ্যন্ত ডিজিটাইজ নহ’ল উত্তৰ-পূবৰ এই প্ৰধান চিকিৎসা কেন্দ্ৰটোৰ চিকিৎসাৰ নথি-পত্ৰ বিভাগ (Medical Record Department)।

ৰোগী বা চিকিৎসা সম্পৰ্কীয় সমূহ তথ্য বিচাৰি এই বিভাগতে ভিৰ কৰেহি ৰোগী বা আত্মীয়ৰ উপৰি আৰক্ষী, বীমা কোম্পানিকে ধৰি বিভিন্ন সংস্থাই।

দৈনিক কেইবাহাজাৰো ৰোগীয়ে ভিৰ কৰা চিকিৎসালয়খনৰ লাখ লাখ ফাইলৰ পৰা ‘অফলাইন’ তথ্য বিচাৰি উলিওৱাৰ দুৰূহ কামটোকে নৈমিত্তিক কৰিব লাগে বিভাগটোৰ কৰ্মচাৰীসকলে। আৰু ম’বাইলৰ টিপতে পৃথিৱীৰ খবৰ পোৱা যুগত হাবাথুৰি খাবলগীয়া হয় তথ্য বিচৰা ৰাইজেও।

পঢ়ক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক লৈ নৰ্থ ইষ্ট নাও-ৰ পূৰ্বৰ প্ৰতিবেদন

‘বিশেষকৈ জন্ম বা মৃত্যুৰ তথ্য বিচাৰি বহু বছৰ পাছতো বহু লোক আহে। তেওঁলোকক তথ্য দিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট সমস্যাত পৰোঁ,’ নৰ্থ ইষ্ট নাও-ক জনালে বিভাগটোৰ এগৰাকী কৰ্মচাৰীয়ে।

চিকিৎসালয়খনত জন্ম বা মৃত্যু হোৱাসকলৰ তথ্য চৰকাৰী নিয়ম অনুসৰিয়েই ১০ বছৰলৈকে সংৰক্ষণ কৰিব লাগে বিভাগটোৱে। ‘চৰকাৰী নিয়ম অনুযায়ী এম আৰ ডিয়ে আন্তঃচিকিৎসা বিভাগসমূহলৈ অহা ৰোগীৰ তথ্য ১০ বছৰলৈ আৰু বহিঃ চিকিৎসা বিভাগলৈ অহা ৰোগীৰ তথ্য অন্ততঃ ৫ বছৰলৈ সংৰক্ষণ কৰি ৰাখিব লাগে,’ নৰ্থ ইষ্ট নাও-ৰ আগত এগৰাকী কৰ্মচাৰীৰ মন্তব্য।

চিকিৎসালয়খনলৈ দৈনিক অহা সকলো ৰোগীৰ সমূহ তথ্য এম আৰ ডিয়ে সংৰক্ষণ কৰিব লাগে। আৰু ডিজিটাইজ নোহোৱা বিভাগটোত দৈনিক অহা হাজাৰ-হাজাৰ ৰোগীৰ তথ্য কম্পিউটাৰৰ সলনি আজিও আলমাৰিতে মজুত ৰখাত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকল।

‘(তথ্য ৰাখিবৰ বাবে) যথেষ্ঠ স্থানৰ প্ৰয়োজন হয়। কিন্তু দৈনিক জমা হোৱা ইমানবোৰ তথ্য বছৰ-বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিবলৈ তেনে উপযুক্ত স্থানো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এম আৰ ডিত পৰ্যাপ্ত নহয়,’ জনালে এগৰাকী বিষয়াই।

উল্লেখযোগ্য যে চিকিৎসালয়খনত হোৱা জন্ম বা মৃত্যু, মেডিকেল লিগেল কেয়াৰ, ৰি-এমবাৰচমেন্ট, বীমা কোম্পানিৰ পৰীক্ষণ, ক’ৰ্ট কেয়াৰ চামন আদি সকলো তথ্য এম আৰ ডিতে সংৰক্ষিত হয়।

এই ক্ষেত্ৰত উপায় কি জানিব বিচৰাত এগৰাকী বিষয়াই নৰ্থ ইষ্ট নাও-ক জনায় যে অকল এম আৰ দি ডিজিটাইজ হ’লেই নহ’ব, চিকিৎসালয়খনৰ সকলো বিভাগৰ মাজত সামঞ্জস্য ৰখাৰ বাবে সকলো বিভাগেই ডিজিটাইজ কৰিব লাগিব।

‘কেৱল এম আৰ ডি ডিজিটাইজ হ’লেই নহ’ব। প্ৰতিটো বিভাগ ডিজিটাইজ হ’ব লাগিব। লগতে এম আৰ ডিৰ লগত ইয়াৰ সংযোগ থাকিব লাগিব,’ বিষয়াগৰাকীৰ মত।

‘ডিজিটাইজ হ’লে ৰাইজৰো সুবিধা হ’ব, আমাৰো তথ্য বিচৰাত অসুবিধা নহ’ব’ বুলি বিষয়াগৰাকীয়ে মন্তব্য কৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তথ্য কেতিয়াকে ডিজিটাইজ হ’ব ৰাইজক জনাবনে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

ৰাজ্যৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য মন্ত্ৰীয়ে কি ক’ব?

Related News