গুৱাহাটী চিটি এফ চিৰ ট্ৰায়েল : স্থানীয় চেমনীয়া ফুটবল প্ৰতিভাৰে দল গঠনৰ উদ্যোগ

guwahati-city-fc

স্থানীয় প্ৰতিভা চিনাক্তকৰণ আৰু বিকাশ প্ৰকল্পৰ অংশ হিচাপে গুৱাহাটী চিটি এফ চি ( GCFC )এ ইয়াৰ বয়সভিত্তিক যুৱ দলসমূহ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অহা ৫ আৰু ৬ মে’ত কাহিকুছিৰ উদ্যানশস্য গৱেষণা প্ৰতিষ্ঠানৰ খেলপথাৰত অনূৰ্ধ্ব ১৮ দল গঠনৰ বাবে স্প’ৰ্টছ ক্ৰাফট মেনেজমেণ্ট, নাৰায়না ছুপাৰস্পেচিয়েলিটি হাস্পতাল, গুৱাহাটী আৰু ইগুৱাৰ সহযোগত ট্ৰায়েল অনুষ্ঠিত কৰা হ’ব বুলি এটা বিবৃতিত ক্লাবৰ সঞ্চালক কৌস্তৱ চক্ৰবৰ্তীয়ে জানিবলৈ দিছে।

গঠন কৰিব লগা দলটোৱে বিভিন্ন স্থানীয়, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল’ব। নিৰ্দিষ্ট সময়ৰ ভিতৰত অনূৰ্ধ্ব-১৮ আই লীগতো জি চি এফ চিৰ দলে অংশ লোৱাৰ প্ৰস্তুতি চলাইছে।

খেলুৱৈসকলক ৫ মে’ৰ পুৱা আঠ বজাত খেলপথাৰত জন্মৰ প্ৰমাণপত্ৰ আৰু ফটো পৰিচয়পত্ৰসহ উপস্থিত হ’বলৈ চক্ৰবৰ্তীয়ে অনুৰোধ জনাইছে। আগ্ৰহী খেলুৱৈ ২০০০ চনৰ ১ মে’ আৰু ২০০৩ চনৰ ৩০ এপ্ৰিলৰ ভিতৰত জন্মগ্ৰহণ কৰা হ’ব লাগিব।

ট্ৰায়েলৰ বিতং তথ্যৰ বাবে আগ্ৰহী খেলুৱৈয়ে ৯৭০৬০৫১২২৭ আৰু ৯৭০৬৫৭০২১৯ নম্বৰত যোগাযোগ কৰিব পাৰে অথবা জি চি এফ চিৰ ফে’ছবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰাম পে’জ চাব পাৰে বুলি চক্ৰবৰ্তীয়ে কয়।

একে প্ৰকল্পৰ অংশ হিচাপে শীঘ্ৰে জি চি এফ চিৰ অনূৰ্ধ্ব-১৩ আৰু অনূৰ্ধ্ব-১৫ দলো গঠন কৰা হ’ব বুলি চক্ৰবৰ্তীয়ে জনাইছে। লগতে গুৱাহাটীৰ বিভিন্ন স্থানত ‘ছকাৰ স্কুল’ আৰু এখন ফুটবল একাডেমি স্থাপনৰো পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে।

সৰ্বভাৰতীয় ফুটবল ফে’ডাৰেচনৰ ‘বেবী লীগ’ৰ আৰ্হিত শীঘ্ৰে জি চি এফ চিয়ে ৰাজ্যৰ ৬ৰপৰা ১৩ বছৰীয়া ফুটবলাৰৰ বাবে এখন পেছাদাৰী ফুটবল লীগো আৰম্ভ কৰিব বুলি চক্ৰবৰ্তীয়ে জনাইছে।