NORTHEAST NOW (Assamese)

গুৱাহাটী প্ৰে’ছ ক্লাবৰ মিডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়াব আয়ুৰচুন্দ্ৰা চিকিৎসালয়ে

July 16, 2018 8:05 pm · এন ই নাও নিউজ
Updated: July 16, 2018 8:39 pm

গুৱাহাটীৰ আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েল্তি হস্পিটেলে (Ayursundra Super Specialty Hospital ) অহা ২১ জুলাইত গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিক পৰিচালনা কৰিব।

অহা শনিবাৰে দিনৰ ৩ বজাৰ পৰা ৪.৩০ বজালৈ চিকিৎসালয়খনৰ এজন বিশেষজ্ঞ চিকিৎসকে মীডিয়া ক্লিনিকটোত বিনামূলীয়াকৈ সেৱা আগবঢ়াব।

ক্লিনিকটোত সাংবাদিকসকলে ওজন আৰু ৰক্তচাপো পৰীক্ষা কৰাব পাৰিব।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে এই মীডিয়া ক্লিনিকত বিনামূল্যে সেৱা গ্ৰহণ কৰিব পাৰিব। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।

Related News