গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : স্নাতকোত্তৰৰ বিষয়ত এম ফিল-পি এইচ্ছ ডি কৰিলেহে পাব নিযুক্তি-পদোন্নতি

Guwahati-University

প্ৰতিনিধিত্বমূলক চিত্ৰ

নিজে জাৰি কৰা পূৰ্বৰ এখন অধিসূচনাক বাতিল কৰি গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন অধিসূচনাৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলৰ এম ফিল বা পি এইচ্ছ ডি সম্পৰ্কীয় স্থিতি প্ৰকাশ কৰা এই নতুন অধিসূচনা মতে এতিয়াৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলক নিজৰ মূল বিষয়টোত এম ফিল বা পি এইচ্ছ ডি কৰিলেহে নিযুক্তি বা পদোন্নতি বা বিত্তীয় সংযোজন লাভ কৰিব। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ে ২০০৮ চনত জাৰি কৰা এক অধিসূচনা মতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সম্বন্ধযুক্ত বিষয়ত এম ফিল বা পি এইচ্ছ ডি কৰিলেও নিযুক্তি বা পদোন্নতি বা বিত্তীয় সংযোজন লাভ কৰিব পাৰিছিল। এতিয়া এই নতুন অধিসূচনা জাৰি কৰাৰ পিছত পূৰ্বৰ অধিসূচনাৰ এই নিৰ্দেশনা বাতিল হ’ল। বিশ্ববিদ্যালয়ৰ এই সম্পৰ্কীয় কাৰ্য্যবাহী পৰিষদে সকলোবোৰ দিশ চালি-জাৰি চোৱাৰ পিছত এই নতুন সিদ্ধান্তটো লয়।

এই নতুন নিৰ্দেশনাৰ পিছত অসমীয়া, বাংলা, বড়ো, হিন্দী, অৰ্থনীতি, বুৰঞ্জী, কম্পিউটাৰ বিজ্ঞান, পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আদি বিষয়ত স্নাতকোত্তৰ কৰা ছাত্ৰ-ছাত্ৰীয়ে সেই সেই বিষয়ত এম ফিল বা পি এইচ্ছ ডি কৰিলেহে কেৰিয়াৰত ইয়াৰ পৰা লাভান্বিত হ’ব পাৰিব। ইয়াৰ পূৰ্বৰ নিয়মমতে অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী কৰা এজন ছাত্ৰ বা ছাত্ৰীয়ে ইংৰাজী, বড়ো, দৰ্শন, মনোবিজ্ঞান, ইতিহাস, ভাষাতত্ত্ব, সংস্কৃত আদি বিষয়ত এম ফিল বা পি এইচ্ছ ডি কৰিলেও একে ধৰণে লাভান্বিত হৈছিল।

আনহাতে বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তটোক ৰাজ্যৰ শিক্ষা-সচেতন, শিক্ষাবিদ আদিয়ে আদৰণি জনাইছে। কিন্তু একে সময়তে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী, গৱেষক-ছাত্ৰ-ছাত্ৰী নিজৰ কেৰিয়াৰৰ অনিশ্চয়তাত ভোগাৰ লগতে শংকিত হৈয়ো পৰিছে।

উল্লেখযোগ্য যে ৰাজ্যৰ বহু স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে বিশ্ববিদ্যালয়ৰ পূৰ্বৰ অধিসূচনাৰ নিৰ্দেশনাক সাৰথি কৰি এম ফিল বা পি এইচ্ছ ডি কৰি আছিল। এইসকল নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। আনহাতে পূৰ্বৰ নিয়মমতে ইতিপূৰ্বে সহযোগী অধ্যাপকৰ পদত নিযুক্ত হৈ থকা সকলো লোকচানৰ সন্মুখীন হোৱাৰ সম্ভানাই দেখা দিছে।