গুৱাহাটী মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰদ্বয়লৈ ড০ এ পি জে আব্দুল কালাম ইগ্নাইত বঁটা প্ৰদান

ভৰিৰে চালিত এটা চাহ বনুৱা যন্ত্ৰ উদ্ভাৱন কৰা গুৱাহাটী মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰদ্বয় সবুজ শইকীয়া আৰু কৌস্তভ  মণি মালাকাৰলৈ ২০১৭ বৰ্ষৰ  ড০ এ পি জে আব্দুল কালাম ইগ্নাইত বঁটা আগবঢ়োৱা হয়। ২২ ডিচেম্বৰত গুজৰাটৰ আহমেদাবাদত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীয়ে উচ্চতৰ মাধ্যমিক দ্বিতিয় বৰ্ষৰ ছাত্ৰ দুজনক উক্ত বঁটা প্ৰদান কৰে। গুৱাহাটী মহানগৰীৰ ছাত্ৰ দুজনৰ এই সফলতাত তেওঁলোকৰ পৰিয়াল বৰ্গৰ লগতে বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী সকলক গৌৰৱাম্বিত কৰি তুলিছে। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ পৰা অহা ৬৫০০০ প্ৰকল্পৰ শীৰ্ষ ২৯ টাৰ মাজত স্থান পোৱা যন্ত্ৰটো হস্তচালিত আৰু ইয়াক চলোৱাৰ বাবে বিদ্যুতৰ প্ৰয়োজন নাই। দেহৰ উপৰ অংশ অচল বা আঘাতপ্ৰাপ্ত লোকসকলৰ জীৱন সহজ কৰি তুলিবলৈ এই বিশেষ যন্ত্ৰটো সজাই তোলা হৈছে। আনহাতে,  ইয়াৰ পূৰ্বেও মেধাৱী ছাত্ৰ দুজনে ২০১৬ চনৰ বিশ্ব ৰব’তিক্স চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।