গোলাঘাটৰ জলপ্ৰলয় : দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰকল্প বিষয়াক গোলাঘাট থানাত হাজিৰ হোৱাৰ জাননী

Golaghat_Flood

গোলাঘাটৰ বিভিন্ন অংশত হোৱা বিধ্বংসী বান আৰু বানে সৃষ্টি কৰা মানুহৰ জীৱন-সম্পদৰ বিস্তৰ ক্ষতিৰ বাবে দায়ী কৰি দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰকল্প বিষয়াৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিত বিষয়াজনক গোলাঘাট থানাত হাজিৰ হোৱাৰ জাননী জাৰি কৰিছে গোলাঘাট আৰক্ষীয়ে।

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই গোলাঘাটত যোৱা কেইদিনত হোৱা প্ৰলয়ংকৰী বানৰ বাবে নীপকোৰ অধীনৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পই কোনো খবৰ নিদিয়াকৈয়ে পানী এৰি দিয়াকে জগৰীয়া কৰি এটা গোচৰ দিছিল নীপকোৰ বিষয়া আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰকল্প বিষয়া প্ৰিয়ব্ৰত দাসৰ বিৰুদ্ধে।

এই এজাহাৰৰ ভিত্তিত আজি উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত গোলাঘাট আৰক্ষীৰ এটা দল নাগালেণ্ডৰ ওখা জিলাস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পস্থলীলৈ যায়। দলটোৱে কোনো আগ জাননী নিদিয়াকৈ নীপকোৰ দ্বাৰা পানী এৰি দিয়া ঘটনাটোৰ প্ৰাথমিক অনুসন্ধান কৰে।

মন কৰিব লগীয়া যে বিধায়কজনৰ এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০-বি আৰু ৩০৪-এ অনুচ্ছেদৰ অধীনত ৫৭৮/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

“আমাৰ এটা দলে আজি দৈয়া জলবিদ্যুৎ প্ৰকল্পস্থলীলৈ গৈ ইয়াৰ প্ৰকল্প বিষয়া প্ৰিয়ব্ৰত দাসক নাগালেণ্ডৰ ভাণ্ডাৰি আৰক্ষীয় থানালৈ মাতি আনে আৰু তাত তেওঁক কাইলৈ গোলাঘাট আৰক্ষী থানাত উপস্থিত হ’বলৈ এখন জাননী জাৰি কৰা হয়।” গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাই কয়।

নীপকোৰ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ প্ৰৱল দাবী গোলাঘাটৰ ৰাইজৰ

আনহাতে নীপকোৰ এনে অবিবেচক কাণ্ডৰ ফলত হোৱা জলপ্ৰলয়ত ভুক্তভোগী গোলাঘাটৰ ৰাইজে আজি গোলাঘাট আৰক্ষী থানাত উপস্থিত হৈ নীপকোৰ বিষয়াসকলক গ্ৰেপ্তাৰৰ প্ৰৱল দাবী তোলে। প্ৰতিবাদকাৰী ৰাইজে থানা চৌহদ বহু সময় ধৰি উত্তাল কৰি ৰাখে।

 

প্ৰিয়ব্ৰত দাসক গ্ৰেপ্তাৰত নাগালেণ্ড আৰক্ষীৰ বাধা!

ইফালে আন এটা খবৰ মতে, নাগালেণ্ডৰ আৰক্ষীৰ বাধাৰ বাবেহে গোলাঘাটৰ আৰক্ষীয়ে নীপকোৰ বিষয়া প্ৰিয়ব্ৰত দাসক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। সূত্ৰটোৱে জনোৱামতে, গোলাঘাটৰ আৰক্ষীয়ে আজি দৈয়া জলবিদ্যুৎ প্ৰকল্পৰ বিষয়াজনক গ্ৰেপ্তাৰৰ উদ্দেশ্যেই প্ৰকল্পস্থলীলৈ গৈছিল যদিও নাগালেণ্ডৰ আৰক্ষীৰ বিৰোধৰ সন্মুখীন হয়। ফলত কেৱল জাননী জাৰি কৰি বিষয়াজনক তলৱ কৰি গুচি আহে।