গোৰেশ্বৰত সন্দেহযুক্ত অস্ত্ৰ সৰবৰাহকাৰী আটক

Suspected arms dealer

আজি বাক্সা জিলাৰ গোৰেশ্বৰৰ খুন্দিগড়ত এজন সন্দেহযুক্ত অস্ত্ৰ সৰবৰাহকাৰীক আটক কৰা হয়।

প্ৰাপ্ত তথ্য মতে সেনা বাহিনীৰ চোৰাংচোৱা বিভাগৰ পৰা পোৱা বিশেষ খবৰৰ ভিত্তিত সেনা আৰু বাক্সা আৰক্ষীয়ে এক যৌথ অভিযান চলাই তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত খুন্দিগড়ত সন্দেহযুক্ত অস্ত্ৰ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।

ধৃত লোকজনক জিলাখনৰ খুণ্ডিগড় গাৱঁৰ নিবাসী ছবিৰুল আলী(৩২) ওৰফে ভাগিন বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত ছবিৰুল আলীয়ে অঞ্চলটোত অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহৰ উপৰি ধন দাবি, ৰাজপথত ডকাইটি চলোৱা, লুট-পাতকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্য চলাই আহিছিল।

লোকজনৰ পৰা আৰক্ষীয়ে এটা গুলীভৰ্তি ৭.৬৫ এমএম পিস্তল আৰু ৫ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে। পিছত তেওঁক গোৰেশ্বৰ আৰক্ষী থানাত চমজাই দিয়া হয়।

লোকজনক কৰায়ত্ত কৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ই অঞ্চলটোত সংঘটিত হৈ অহা অপৰাধমূলক কাৰ্য হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰে।