গোৱালপাৰাত চলন্ত টেম্পোত যুৱতীক যৌন নিৰ্যাতনৰ অপচেষ্টাকলৈ উত্তপ্ত পৰিস্থিতি

1girl_harrasment_19

গোৱালপাৰা চহৰৰ ভালুকডুবিত   শুকুৰবাৰে সন্ধিয়া ভালুকডুবিৰ পৰা গোৱালপাৰা চহৰ অভিমুখে গৈ থকা টেম্পো এখনত দুই সুৰামত্ত যুৱকে এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়। ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

ঘটনাৰ বিৱৰণী মতে সন্ধিয়া শোলমাৰীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এ এছ ১৮ চি ৮৫৮২ নম্বৰ টেম্পো এখনত ভালুকডুবিৰ পৰা এগৰাকী যুৱতী টেম্পোত উঠাৰ অলপ  পিছতে দুগৰাকী সুৰামত্ত যুৱকেও টেম্পখনত উঠে৷ যুৱক দুজনে টেম্পত উঠিয়েই আন্ধাৰৰ সুযোগ লৈ যুৱতীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলায়৷ সুৰামত্ত যুৱক দুজনৰ এনে কাণ্ডত যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ আৰম্ভ কৰাত ওচৰ চুবুৰীয়া দৌৰি আহি টেম্পোখন ৰখাই দিয়ে৷

টেম্পোখন ৰখাই দিয়াত যুৱক দুজনে দৌৰি পলাবলৈ চেষ্টা কৰাত ৰাইজে এজনক ধৰি উত্তম মাধ্যম শোধাই  আৰক্ষীক গতাই দিয়ে৷ ৰাইজে ধৰি আৰক্ষীক গতাই দিয়া যুৱকজনৰ নাম  ৰিয়াজ উদ্দিন(৩৪)৷ উক্ত ঘটনাৰ লগত জড়িত আন এগৰাকী লম্পট ছাহেৰ আলীয়ে অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰে৷

জিলাখনৰ লগতে গোৱালপাৰা চহৰতে নাৰীৰ নিৰাপত্তা নোহোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উক্ত ঘটনা সন্দৰ্ভত ভূক্তভোগী যুৱতীগৰাকীয়ে গোৱালপাৰা সদৰ থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে পলাতক যুৱকজনক কাৰায়ত্ব কৰিবলৈ ব্যাপক তালাচী আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷