ৰাজ্যৰ চাৰিওপিনে কেৱল অন্ধবিশ্বাস। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আছে ৰাজ্যৰ চহৰ নগৰৰ লগতে গ্ৰামাঞ্চলৰ লোক। এইবাৰ খোদ গোৱালপাৰা চহৰতে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ সৰ্প দংশন কৰা লোকক চলালে জৰা ফুঁকা। গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰ উদয় নগৰৰ এখন চাহৰ হোটেলৰ কাৰিকৰ মদন দাসে হোটেলখনৰ পিছফালে পেচাব কৰিবলৈ যাওঁতে আজি ২৭ জুনত সাপে দংশন কৰে।
আবেলি সংঘটিত হয় এই ঘটনা। চহৰখনৰে গুৱালটুলীৰ বাসিন্দা মদন দাসক লগে লগে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়খনত সৰ্প বিষ নিৰাময়ৰ বেজী নথকাত চিকিৎসকে লোকজনক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে। কিন্তু পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ নুশুনি গুৱালটুলীৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত লৈ যায় আৰু তাতেই কৃষ্ণাইৰ পৰা মহিলা বেজ আনি কাপোৰৰ চাৰিবেৰৰ মাজত সংজ্ঞাহীন লোকজনক জৰা ফুঁকা আৰম্ভ কৰে। সন্ধিয়াৰে পৰা এতিয়ালৈকে চলি আছে জৰা ফুঁকা।
গোৱালপাৰা অসামৰিক চিকিৎসালয়ত সাপৰ বিষ নিৰাময় কৰা বেজী নথকাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। স্বাস্থ্য মন্ত্ৰীক ককৰ্থনাও কৰিছে ৰাইজে।
সাপৰ বিষ নিৰাময় কৰা বেজী নথকা বাবেই লোকজনৰ মৃত্যু হোৱা বুলি আত্মীয়ৰ অভিযোগ। স্বাস্থ্য বিভাগেই জৰা ফুঁকাৰ আশ্ৰয় লবলৈ বাধ্য কৰাইছে বুলি আত্মীয়ৰ ক্ষোভ।