ৰাজ্যখনত নাৰীজনিত অপৰাধৰ মাত্ৰা দিনে দিনে বৃদ্ধি হৈ থকাৰ সময়তে শেহতীয়াকৈ গোৱালপাৰা জিলাৰ লখিমপুৰ চহৰৰ এটি লজত মঙলবাৰে এজনী নাবালিকাক যৌন উৎপীড়ণ চলোৱাৰ অপৰাধত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
মোছাদ্দিৰ আলম নামৰ ২১ বছৰীয়া ডেকাজনে দশম মানৰ ছাত্ৰী এজনীক ল?খিমপুৰ চহৰ দেখুওৱাৰ চলেৰে চলনা কৰি লৈ আহে।
চহৰত উপস্থিত হৈ বদমাছটোৱে লখিমপুৰৰ হাউলাপাৰাত এ জলিল নামৰ ব্যক্তিজনৰ লজৰ এটা কোঠা ভাড়া কৰে। কথাটো মানুহৰ চকুত পৰাত তেওঁলোকে ঘটনাটো লখিমপুৰ আৰক্ষীকস অৱগত কৰে। লখিমপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ নেতৃত্বত আৰক্ষীৰ লোকৰ এটা গোট উপস্থিত হৈ অপৰাধীক হাতে-লোতে ধৰা পেলায়।
পাছত নিৰ্যাতিতা কিশোৰীজনীক গোৱালপাৰা অসামৰিক স্বাস্থ্যকেন্দ্ৰলৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। অপৰাধীজনক আৰক্ষীৰ জিম্মালৈ লৈ যোৱা হয়। বৃহস্পতিবাৰে ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাৰ পাছত আদালতে অপৰাধীজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে।
অপৰাধীজনৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুক নিৰাপত্তা আইন-২০১২ (the Prevention of Children from Sexual Offenses Act 2012)ৰ ৮ আৰু ২৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
যিহেতু নিৰ্যাতিতাজনী সংখ্যালঘূ সম্প্ৰদায়ৰ নহয় সেয়েহে জনসাধাৰণে এয়া এক ল’ভ জেহাদৰ ঘটনা বুলি ধৰি লৈ অপৰাধীৰ কঠিন শাস্তি দাবী কৰিছে।