গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু), গোৱালপাৰা জিলা কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ উদ্যোগত তথা কৃষ্ণাই আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত ২০১৭-১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷
কেইবা শতাধিক ৰাইজ উপস্থিত থকা আজিৰ সম্বৰ্ধনা অনুষ্ঠানত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪১ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত প্ৰথম বিভাগপ্ৰাপ্ত ৩৭ গৰাকী পৰীক্ষাৰ্থীক স্ব-জাতীয় গামোচা, মানপত্ৰ আৰু একোডাল গছ পুলি প্ৰদান কৰা হয়৷
কৃষ্ণাই হিউমপাইপ বজাৰত অৱস্থিত কৃষ্ণাই আঞ্চলিক আক্ৰাছুৰ কাৰ্যালয়ত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে জিলা আক্ৰাছুৰ সভাপতি অনাদি ৰায় সৰকাৰে৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰে সমাজ সেৱক বনজ ৰায়, সাংবাদিক কল্যাণ ৰায়, আক্ৰাছুৰ কৃষ্ণাই আঞ্চলিকৰ সভাপতি ৰূপক ৰায়, অৱসৰপ্ৰাপ্ত প্ৰবক্তা ভৱতাৰণ ৰায়, প্ৰবক্তা উদ্ধৱ ৰায় আদিকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে৷