গৌৰীসাগৰত পথ দুৰ্ঘটনাত দুজন গুৰুতৰভাৱে আহত

শিৱসাগৰ জিলাৰ গৌৰীসাগৰত আজি দুপৰীয়া ১-৩০ বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে গৌৰীসাগৰ আৰক্ষী চকীৰ পৰা ৪ কি. মি. নিলগত চাৰিং আলি কেকুৰীত সংঘটিত উক্ত পথ দুৰ্ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য মতে জাঁজী ফুলপানীছিগাৰ পুৰণি মেলীয়া গাঁৱৰ অভিনৱ দত্ত আৰু অজয় গগৈয়ে এ এচ ০৪ এছ ৫৩১৯ নম্বৰৰ মটৰচাইকেলত ঘৰৰ দিশত আহি থকা অৱস্থাত শিৱসাগৰ দিশে গৈ থকা এ এছ ২৩ এল ০৭০৮ নম্বৰৰ য়ন গাড়ীখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাটোৰ ফলত দুয়োজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অৱশ্যে ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আহত যুৱক দুজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তী কৰোৱাই কিন্তু অভিনৱ দত্তৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

জাঁজী জামুগুৰিৰ ৮০ নং নাজীৰ পুখুৰী এল পি স্কুলৰ শিক্ষক ৰঞ্জিত দত্তৰ পুত্ৰ অভিনৱ দত্ত জাঁজী হেমনাথ মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ প্ৰথম ষাণ্মাষিকৰ ছাত্ৰ। আনহাতে দুৰ্ঘটনাটোত আহত আনজন যুৱক হৈছে একে অঞ্চলৰে তৰুণ গগৈৰ পুত্ৰ অজয় গগৈ। উল্লেখযোগ্য যে যোৱা কিছু দিনৰ আগতে চি আৰ পি এফত যোগদান কৰি পঞ্জাৱত থকা অজয় গগৈ তেওঁৰ ৬ মাহৰ প্ৰশিক্ষণ শেষ কৰি নিজ গৃহলৈ আহিছিল। মন কৰিব লগীয়া যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অন্তৰ্গত নিৰ্মাণৰত অৱস্থাত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা অতি শোচনীয়া হৈ পৰাত গৌৰীসাগৰৰ পৰা জাঁজীলৈকে অঞ্চলটোত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। যদিও উক্ত অঞ্চলটোক সংশ্লিষ্ট কৰ্তৃপক্ষই দুৰ্ঘটনা প্ৰৱণ অঞ্চল হিচাপে তৎস্বত্তেও তেওঁলোকে দুৰ্ঘটনা ৰোধ কৰাৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।