শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে কালি এক অভিযান চলাই ১১৮ টিং লালি গুৰ জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে কালি শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক বলীন দেউৰী আৰু গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰাৰ নেতৃত্বত যোৱা গৌৰীসাগৰ আৰক্ষীয়ে দেওৰজা পিতিকাপুখুৰী গাঁৱৰ মুকুট শইকীয়াৰ ঘৰৰ পৰা কাৰ্বি আংলঙৰ খেৰনিৰ পৰা কঢ়িয়াই অনা ১১৮ টিং লালি গুৰ জব্দ কৰে।
প্ৰাপ্ত তথ্য মতে আৰক্ষীয়ে অভিযান চলাবৰ সময়ত মুকুট শইকীয়াৰ ঘৰত কাৰ্বি আংলঙৰ পৰা খেৰনিৰ পৰা এএছ-০১ এফ চি-৪৩৫৩ নম্বৰৰ ৪০৭ ট্ৰাকখনে কঢ়িয়াই আনি নমাই আছিল।
অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই মুকুট শইকীয়া ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও গৌৰীসাগৰ আৰক্ষীয়ে ৪০৭ ট্ৰাকখনৰ চালক কাৰ্বি আংলঙৰ জিলাৰ খেৰনি থানাৰ অন্তৰ্গত হাৱাইপুৰ ঠাকুৰবাৰীৰ ৰাজীৱ বাহাদুৰ(৩৩) আৰু হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত ভেলেউগুৰিৰ মিন্তু বসুমতাৰী(২৬)ত আটক কৰিবলৈ সক্ষম হয়।
অানহাতে উক্ত ট্ৰাকখনৰ পৰা লালি গুৰ কঢ়িয়াই থকাৰ অভিযোগত আমগুৰি থানাৰ অন্তৰ্গত ম’ৰা পুখুৰী কোঁৱৰ গাঁৱৰ আনন্দ কোঁৱৰক আৰক্ষীয়ে আটক কৰাৰ লগতে তেওঁৰ এএছ-০৪ এ চি-৬৯৫০ নম্বৰৰ মিনি পিকআপ ভানখন জব্দ কৰি থানাত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।
ইফালে আৰক্ষীৰ এই সফলতাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে যদিও মুকুট শইকীয়া নামৰ লালি গুৰৰ বেপাৰীটোৱে বৃহত্তৰ আমগুৰি অঞ্চলটোলৈ ন -ন কৌশলেৰে লালি গুৰৰ যোগান নিয়মিতভাৱে কৰি আহিছে বুলি স্থানীয় ৰাইজৰ মন্তব্য কৰিছে।