গ্ৰীষ্ম বন্ধত পাঠদান কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী বাধ্য নহয় : শিক্ষক-কৰ্মচাৰী সন্থা, শিৱসাগৰ জিলা সমিতি

Jorhat_govt_boys_school

প্ৰতিনিধিত্বমূলক ছবি

প্ৰতি বছৰে ১ জুলাইৰ পৰা ৩১ জুলাইলৈ বিদ্যালয়সমূহে লাভ কৰি অহা গৰম বন্ধ উপভোগৰ পৰা এইবাৰ বঞ্চিত হ’ব লগীয়া হোৱাত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল অসন্তুষ্ট হৈ উঠিছে।

জানিব পৰা মতে যোৱা ২৭  জুনত শিৱসাগৰ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মঃ আব্দুল জেলিলে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সংশ্লিষ্ট সকলো উচ্চ প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলক ২ জুলাইৰ পৰা ১১ জুলাইলৈকে পুৱা ৯ৰ পৰা ১২ বজালৈকে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলৈ এক নিদ্দেৰ্শনা জাৰি কৰিছে।

বিদ্যালয় পৰিদৰ্শক গৰাকীৰ উক্ত নিৰ্দ্দেশনাই সম্প্ৰতি জিলা দুখনৰ শিক্ষক সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিৱসাগৰ জিলাৰ গৰিষ্ঠ সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীয়ে এই নিৰ্দেশনাক সম্পূৰ্ণ একপক্ষীয় বুলি মন্তব্য কৰিছে।

এই সন্দৰ্ভত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে যোৱা ২৯ জুনত এখন জৰুৰী সভা আহবান কৰি বিদ্যালয়সমূহৰ পৰিদৰ্শক গৰাকীয়ে বন্ধৰ সময়চোৱাত শিক্ষকসকলক শ্ৰেণী কোঠাত আৱদ্ধ ৰাখিবলৈ বাধ্য কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি কোনো কাৰণতে সন্থাৰ সদস্যসকল গৰম বন্ধৰ সময়ছোৱাত পাঠদান কৰিবৰ বাধ্য নহয় বুলি স্পষ্ট কৰি দিয়ে।

অৱশ্যে কোনো সদস্যই স্বেচ্চাই পাঠদান কৰিব বিচাৰিলে সন্থাৰ কোনো আপত্তি নাই বুলি উল্লেখ কৰি লগতে কয় যে সন্থাৰ যি সকল সদস্যই পাঠদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে উপস্থিতিৰ বহীত স্বাক্ষৰ নকৰাকৈ থাকিব লাগিব।

সন্থাৰ উক্ত সিদ্ধান্তক একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে সমৰ্থন জনাই কয় যে অসম চৰকাৰৰ আন বিভাগৰ কৰ্মচাৰীসকলে প্ৰতি বছৰে ৩০ দিনকৈ আৰ্জিত ছুটী লাভ কৰাৰ বিপৰীতে শিক্ষকসকলৰ ক্ষেত্ৰত সেই ছুটী থাকে মাত্ৰ ১০ দিন। তদুপৰি ৰাজ্য চৰকাৰৰ অন্য বিভাগৰ কৰ্মচাৰীসকলে প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শণিবাৰে বন্ধ পায়।

তেনে স্থলত শিক্ষকসকলে দীৰ্ঘদিন ধৰি পাই অহা গ্ৰীষ্ম কালিন বন্ধত পাঠদান কৰিবলৈ বাধ্য কৰাব বিচৰা কাৰ্যত তেওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে গৰম বন্ধৰ পৰা শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলক বঞ্চিত নকৰিবৰ বাবে আহ্বান জনাইছে।