গ্ৰেছক্ৰেকাৰৰ অ’পাৰেইশ্যন বন্ধ কৰিবলৈ নিৰ্দেশ দিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনাত অসমৰ ডিব্ৰুগড় জিলাৰ লেপেটকটাত নিৰ্মীয়মাণ এটা উল্লেখযোগ্যভাৱে বৃহৎ উদ্যোগ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড বা চমুকৈ গেছ ক্ৰেকাৰ প্ৰকল্পৰ অ’পাৰেইশ্যন ই অঞ্চলটোত সৃষ্টি কৰা প্ৰদূষণৰ বাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ এই নিৰ্দেশটো আহে ডিব্ৰুগড় ফিছাৰি ক’-অ’পাৰেটিভ ছ’চাইটি লিমিটেড আৰু ছৈখোৱা শদিয়া মীন সমবায় লিমিটেডে উদ্যোগটোৰ কৰ্তৃপক্ষ (বি চি পি এল)ৰ বিৰুদ্ধে সেউজ ন্যায়াধিকৰণত দিয়া অভিযোগৰ ভিত্তিত। অৱশ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ এই বি চি পি এলৰ কাৰ্য্যকলাপ বন্ধ কৰিবলৈ দিয়া নিৰ্দেশটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগনাদেশ দিছে বুলি জানিবলৈ পোৱা গৈছে। দুটা সুকীয়া সুকীয়া তাৰিখত ( ৭ আগষ্ট আৰু ৫ আগষ্ট) সংগ্ৰহ কৰা পানীৰ নমুনা পৰীক্ষা কৰি সেইবোৰত বি চি পি এলৰ দ্বাৰা নিষ্কাশিত অপদ্ৰব্যৰ উপস্থিতি গ্ৰহণযোগ্য পৰিমাণতকৈ বেছিকৈ পায়। সূত্ৰটোৰ মতে বি চি পি এলে এনে নিষ্কাশিত অপদ্ৰব্যৰ মাত্ৰাৰ যি গ্ৰহণযোগ্য মান আছে তাক উলংঘা কিৰছে আৰু চৌপাশৰ নদী, জলাশয় আদি ঔদ্যোগিক আৱৰ্জনাৰে প্ৰদূষিত কৰি পেলাইছে। অভিযোগকাৰী সংস্থা দুটাই কয় যে বি চি পি এলে কোনো ছেকন প্ৰক্ৰিয়া নকৰাকৈ নলীৰে পোনপটীয়াকৈ আৱৰ্জনা কাষৰ নদী, জলাশয়ত পেলাই প্ৰদূষণ সম্পৰ্কীয় নিয়ম উলংঘা কৰিছে। পানীত পৰা দূষিত দ্ৰব্যবোৰে পানী প্ৰদূষিত কৰিছে।

আনহাতে বিচিপিএল কৰ্তৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁলোকে এইবোৰ কোনো ধৰণৰ প্ৰদূষণ যাতে নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লৈহে এইবোৰ পেলাইছে। অৱশ্যে বিষয়টো যিহেতু ন্যায় প্ৰক্ৰিয়াৰ অধীনত আছে সেয়ে বি চি পি এল কৰ্তৃপক্ষই এই সম্পৰ্কত একো ক’ব নিবিচাৰিলে।

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাত স্থাপন কৰা গেছ ক্ৰেকাৰ প্ৰকল্প অসমত নতুনকৈ স্থাপিত উদ্যোগবোৰৰ এটা অন্যতম। অসম চুক্তিৰ আধাৰত এই উদ্যোগক অসমে লাভ কৰিছিল আৰু ইয়াত অসমৰ বৃহৎ সংখ্যক নিবনুৱাই সংস্থাপন লাভ কৰাৰ আশা আছে।