চকা বন্ধৰ সময়ত হিংসাত্মক কাৰ্য সংঘটিত কৰা ৬ বন্ধ সমৰ্থকক আটক ডবকা আৰক্ষীৰ

ATTACHMENT

ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কালি সদৌ অসম মটৰ পৰিবহণ সংস্থাই আহ্বান জনোৱা অসম বন্ধৰ সময়ছোৱাত ডবকাত হিংসাত্মক কাৰ্য সংঘটিত কৰা ৬ বন্ধ সমৰ্থক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

ডবকা আৰক্ষীয়ে আজি ছইদুল হক, ইনাম উদ্দিন,আব্দুল মালিক, আৰিফ উদ্দিন, আজিৰ উদ্দিন আৰু বাহাৰ উদ্দিন নামৰ বন্ধ সমৰ্থক কেইজনক আটক কৰে।আটকাধীন লোককেইজনৰ অধিকাংশ ই-ৰিক্সা চালক আৰু টেম্প’ চালক বলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা ২৪ ঘণ্টীয়া চকা বন্ধৰ সময়ছোৱাত সোমবাৰে
ৰাজপথত হিংসাত্মক কাৰ্য সংঘটিত কৰিছিল ধৃত লোকেইজনে।আৰক্ষীয়ে ইয়াৰ পূৰ্বে ঘটনাৰ লগত জড়িত দুজনক আটক কৰিছিল।

অভিযোগ অনুসৰি সোমবাৰে বন্ধৰ সময়ছোৱাত উক্ত লোককেইজনে লাঠী, ৰ’ড আৰু শিলেৰে কেইবাখনো বাহনত আক্ৰমণ কৰিছিল। উক্ত দৃশ্যাৱলী বৈদ্যুতিন মাধ্যমৰ কেমেৰাত বন্দী হৈ থকাত আৰক্ষীয়ে তাৰ সহায় লৈ বন্ধ সমৰ্থক কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অল ইণ্ডিয়া ট্ৰেন্সপ’ৰ্ট ৱাৰ্কাৰ্ছ ফেডাৰেশ্যনৰ ৰাজ্যিক কমিটি, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন, নৰ্থ ইষ্ট হেভী গুডছ কেৰিয়াৰ ট্ৰাক ওনাৰ্ছ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এছ’চিয়েচন আৰু অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে ৰাইজৰ স্বাৰ্থত সোমবাৰে ঘোষণা কৰা চকা বন্ধ কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তত সৰ্বাত্মক হৈছিল।