চতিয়া সমষ্টিৰ অন্তৰ্গত নৱ নিৰ্মিত নাট্য ভৱন, জামুগুৰিহাটৰ নৱনিৰ্মিত পৰিদৰ্শন বঙলা উন্মোচন মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

মুখ্য মন্ত্ৰী

‘নাগ শংকৰ নাট্য ভৱনে এই অঞ্চলটোৰ যুৱক-যুৱতী সকলক সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব। আগন্তুক দিনত অঞ্চলটোৰ সাংস্কৃতিক দিশটো আৰু অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত নাগশংকৰ নাট্য ভৱনে উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। সামাজিক দিশত সুস্থ চিন্তা-চৰ্চাৰ বাৰ্তা প্ৰেৰণ আৰু সাংস্কৃতিক দিশৰ উত্তৰণৰ বাবে এনেকুৱা অনুষ্ঠানৰ নিতান্তই প্ৰয়োজন। নাগশংকৰ নাট্য ভৱনে এই দিশত পৰিৱেশ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত মঞ্চ হিচাপে থিয় দিবলৈ সক্ষম হ’ব।’ আজি বিশ্বনাথ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত নাগশংকৰ অঞ্চলত নৱ নিৰ্মিত নাট্য ভৱন উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত এনেদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে সমগ্ৰ শোণিতপুৰ জিলাকে সংস্কৃতিৰ পীঠস্থান বুলি উল্লেখ কৰি কয় যে এই জিলাখনতে কলাগুৰু বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাকে ধৰি বৰেণ্য ব্যক্তি সকলে অসমৰ সাংস্কৃতিক পথাৰখনৰ গুৰি ধৰিছিল।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টিৰ সৰ্বাগীণ উত্তৰণৰ দিশত লোৱা ভূমিকাৰো প্রশংসা কৰে। সৰ্বানন্দই নাগশংকৰ অঞ্চলৰ কৃষিৰ উত্তৰণৰ দিশত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিব বুলিও কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাখন ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি নৱ প্ৰজন্মৰ উদ্যোগীসকলক এই সা-সুবিধা গ্ৰহণ কৰি ৰাজ্যখনৰ উন্নয়নৰ সহযোগী হোৱাৰ বাবেও আহ্বান জনায়।

অনুষ্ঠানটোত শক্তি মন্ত্ৰী পল্লৱ লোচন দাস, বিধায়ক পদ্ম হাজৰিকা আৰু নাশংকৰ নাট্য মন্দিৰৰ কাৰ্যকৰী সভাপতিয়েও ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত বিধায়কদ্বয় ক্ৰমে প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰা, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্তকে ধৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে ইয়াৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাই নিৰ্মাণ কৰা জাতীয় শ্বহীদ সকলৰ সপ্ত শ্বহীদ বেদীত মাল্যৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লগতে আজি উন্মোচন কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু শোণিত কোঁৱৰ গজেন বৰুৱাৰ প্ৰতিমূৰ্তিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে জামুগুৰিহাটৰ নৱনিৰ্মিত পৰিদৰ্শন বঙলা আনুষ্ঠানিকভাৱে উন্মোচন কৰে।