চাঞ্চল্যকৰ যোগদল হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত কৰিব চিবিআইয়ে

Jogdal-murder-case-678x381

যোগদল হত্যাকাণ্ডৰ বলি হোৱা সকলৰ এটা স্মৃতিসৌধ। ফটো : ইউ বি

কেন্দ্ৰীয় অনুসন্ধান সংস্থাই (চিবিআই) গুৱাহাটীৰ উপকণ্ঠ অঞ্চল সোণাপুৰত ২০০৯ চনত চাৰিগৰাকী শিশুকে ধৰি এটা পৰিয়ালৰ ছয়জনকৈ সদস্যক হত্যা কৰা যোগদল হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত কৰিব।

এই ঘটনাৰ গোচৰটো সম্পৰ্কত চিবিআই তদন্ত হ’ব লাগে বুলি অসম চৰকাৰে জনোৱা আৰ্জিত অনুমোদন জনাবলৈ কেন্দ্ৰীয় চৰকাৰ সন্মত হোৱাত ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি হৈছে। দ্য টেলিগ্ৰাফ কাকতৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।

‘’ কেন্দ্ৰীয় ব্যক্তিগত, পেন্সন আৰু ৰাজহুৱা অভিযোগ মন্ত্ৰালয়ৰ ব্যক্তিগত আৰু প্ৰশিক্ষণ বিভাগে ৰাজ্য চৰকাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই চিবিআই তদন্তৰ বাবে সন্মত হৈছে। কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে শীঘ্ৰেই গোচৰটো পঞ্জীয়ন কৰিব,’’-বাতৰিকাকতখনে এক সূত্ৰৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে।

ৰাজ্যৰ আৰক্ষী বিভাগে হত্যাকাণ্ডটো সম্পৰ্কত কোনো উল্লেখযোগ্য সাফল্য লাভ কৰিব নোৱাৰাত অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে গোচৰটোৰ তদন্ত চিবিআইয়ে কৰাটো বিচাৰিছিল।

এই গোচৰটো অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই তদন্ত কৰিছিল।

সূত্ৰসমূহৰ মতে চিবিআইয়ে সোনকালেই গোচৰটো নতুন দিল্লী বা কলকাতাৰ ইয়াৰ বিশেষ অপৰাধ শাখালৈ হস্তান্তৰ কৰিব।

৪৫ বছৰীয়া হৰকান্ত দলৈ, তেওঁৰ পত্নী ৪০ বছৰীয়া স্বপ্না আৰু তেওঁলোকৰ তিনিজন সন্তান তথা এজন ভতিজাকক ২০০৯ চনৰ ১২ ডিচেম্বৰত সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যোগদল গাঁৱত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছিল। দুটি শিশুৰ শিৰচ্ছেদ কৰা মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

২০১৪ চনৰ অক্টোবৰত দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই গোচৰটো চিবিআইক হস্তান্তৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

বৰাই মোডীলৈ লিখা তেওঁৰ পত্ৰখনত অভিযোগ কৰিছিল যে তদানীত্বন অসমৰ সমাজ কল্যাণ মন্ত্ৰী অকন বৰা ঘটনাটোত জড়িত আছে।

অৱশ্যে, অকন বৰাই এয়া তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ বাবে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি দাবী কৰি অভিযোগ খণ্ডন কৰিছিল। অতুল বৰাৰ মতে এখন পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে মাটি দখল কৰাৰ উদ্দেশ্যেৰে হত্যাকাণ্ডটো সংঘটিত কৰা হৈছিল।