চানডুবি উৎসৱত পৰ্যটকৰ ভিৰ : জনগোষ্ঠীয় সংস্কৃতিৰ পয়োভৰ

চানডুবি উৎসৱত নাও চালনাত ভাগ লৈছে পৰ্যটকে

নৱবৰ্ষৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা চানডুবি উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে। বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ সমাহাৰ, চানডুবি বিলৰ জৈৱ বৈচিত্ৰ সংৰক্ষণক মূল বিষয়বস্তু হিচাপে লৈ বিগত কেই বছৰ ধৰি উদযাপন কৰি অহা এই উৎসৱ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

অহা ৫ জানুৱাৰীলৈকে চলিবলগীয়া এই উৎসৱত ইতিমধ্যে পৰ্যটকসকলে ৰাজ্যখনৰ জনগোষ্ঠীসকলৰ বৰ্ণাঢ্য কৃষ্টিৰ আনন্দ লোৱাৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ নান্দনিক সৌন্দৰ্যও উপভোগ কৰিছে। ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জনপ্ৰিয় চানডুবি উৎসৱ এইবাৰ উদ্বোধন কৰিছিল বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই।

কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চানডুবি অঞ্চলটোলৈ নৱ বৰ্ষৰ সময়ত যথেষ্ট লোকৰ সমাগম হয়। বিখ্যাত চানডুবি বিলৰ লগতে অঞ্চটোক পৰ্যটকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্য অনুষ্ঠিত চানডুবি উৎসৱত লোকনৃত্য, বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰ, হাতীত উঠা, নাও চালনা, পৰম্পৰাগত খেল ধেমালি আদি প্ৰদৰ্শিত হৈছে।

চানডুবি উৎসৱত প্ৰাকৃতিক পৰিৱেশৰ মাজত পৰ্যটকসকলে বিচৰণ কৰি বিশেষ আনন্দ লাভ কৰিছে। চানডুবি বিলত নাও চালনাৰ বাবে পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে। কিন্তু নাও বিলাকত সুৰক্ষাৰ ব্যৱস্থাটো সঠিকভাৱে পালন কৰা হোৱা নাই। কিয়নো পৰ্যটকৰ মাজত বহুতেই হয়তো সাতুঁৰিব নাজানিবও পাৰে। সেয়েহে লাইফ জেকেটৰ ব্যৱস্থা ৰখাটো অতি জৰুৰী। আন নহ’লেও বায়ু সোমোৱা টিউবৰ মজুত ৰখাটো আৱশ্যকীয়। অন্যথা কিবা দুৰ্ঘটনা সংঘটিত হ’লে বা কোনো প্ৰাণহানিৰ বাবে আয়োজকসকলেই দায়ী হ’ব লগাত পৰিব।

উপযুক্ত সুৰক্ষা ব্যৱস্থাৰে নাও চালনা কাৰ্যসূচী চলাই ৰাখিলে পৰ্যটকৰ আকৰ্ষণ অধিক বৃদ্ধি পাব বুলি আশা কৰিব পাৰি।