NORTHEAST NOW (Assamese)

চামগুৰিত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

June 21, 2018 9:59 am · মিন্টু দাস
প্রতিনিধিত্বমূলক ফটো

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিবালিত বুধবাৰে তিনিটা সন্তানৰ মাতৃ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সোণাৰিবালিৰ নিবাসী আচমা বেগম নামৰ মহিলাগৰাকী যৌতুকজনিত কাৰণত স্বামী গৃহত মৃত্যুক আঁ‌কোৱালি ল’ব লগা হ’ল বুলি মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় লোকে সন্দেহ কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰে দুপৰীয়াৰ ভাগতে সোণাৰিবালিৰ নিবাসী নুৰ হকৰ ঘৰত আচমা বেগম (২৭) নামৰ পুত্ৰৰ বোৱাৰীগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হয়। পিছত বহু দেৰিকৈ উক্ত পৰিয়ালটোৱে তিনি কিলোমিটাৰ দূৰৈত অৱস্থিত আচমাৰ মাতৃ গৃহত খবৰ দিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে আৰক্ষীকো সন্ধিয়া ছয় বজাতহে খবৰ দিয়ে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আচমাৰ মৃতদেহটো উদ্ধাৰ কৰে। স্থানীয় লোক আৰু  আৰক্ষীয়ে  মৃত মহিলা গৰাকীৰ ডিঙি আৰু বুকুত স্পষ্ট ক’লা দাগ থকাত  হত্যা কৰাৰ সন্দেহ কৰিছে যদিও আৰক্ষীৰ তদন্তহে প্ৰকৃত সত্য উদ্ঘাটন হ’ব বুলি সচেতন নাগৰিক ধাৰণা কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে আচমাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Related News