• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

মৰক্কোৰ অদমনীয় ফুটবল বনাম ফৰাচী শিল্পৰ মনোমুগ্ধকৰ শৈলী। অৱশেষত কাইলিয়ান এমবাপে আৰু অউছমান ডেম্বেলৰ দুটা গ’লত আফ্ৰিকান দলটোৰ প্ৰতিৰোধৰ দেৱালখন আকৌ এবাৰ ছিন্নভিন্ন হৈ পৰিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2026 8:06 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেখনেই চিত্ৰনাট্য। দুবছৰ আগৰ কাটাৰ বিশ্বকাপৰ ছেমি ফাইনেলৰ স্ক’ৰলাইনৰ  হুবহু প্ৰতিফলন? সেইবাৰো ফ্ৰান্সে ২-০ গ’লত জয়লাভ কৰিছিল। আজিও স্ক’ৰব’ৰ্ডত একেটা নম্বৰ ২-০ জিলিকি থাকিল।

মৰক্কোৰ অদমনীয় ফুটবল বনাম ফৰাচী শিল্পৰ মনোমুগ্ধকৰ শৈলী। অৱশেষত কাইলিয়ান এমবাপে আৰু অউছমান ডেম্বেলৰ দুটা গ’লত আফ্ৰিকান দলটোৰ প্ৰতিৰোধৰ দেৱালখন আকৌ এবাৰ ছিন্নভিন্ন হৈ পৰিল।

Apply Now

অৱশ্যে প্ৰথমাৰ্ধৰ খেল চাই এই পৰিণতিৰ কথা কোনোমতেই অনুমান কৰিব পৰা হোৱা নাছিল।। যুঁজখন সমানে সমানে হৈছিল। খেলখনৰ ২৫ মিনিটৰ ভিতৰতে মৰক্কোৰ বক্সত এমবাপেৰ ফাউল হয়। লাভ কৰিলে পেনাল্টি। ফ্ৰান্সৰ ছুপাৰষ্টাৰগৰাকীয়ে দলটোক আগুৱাই নিয়াৰ সহজ সুযোগ লাভ কৰিছিল।

কিন্তু মৰক্কোৰ প্ৰত্যাহ্বান চম্ভালাৰ দায়িত্বত আছিল মৰক্কোৰ অভেদ্য গ’লৰক্ষক য়াচিন বেন’! ২৮ মিনিটত তেওঁ সোঁফালে জপিয়াই এমবাপেৰ শক্তিশালী স্পট কিকটো ব্লক কৰে। কাটাৰৰ স্মৃতি উজাৰি দি মৰক্কোৱে যেন যুদ্ধৰ বাৰ্তা প্ৰেৰণ কৰিলে। প্ৰথমাৰ্ধৰ আঘাতৰ সময়ত (৪৫+২ মিনিট) লুকাছ ডিগনৰ শক্তিশালী শ্বটটোৱে ক্ৰছবাৰত খুন্দা মৰাত বিৰতিৰ সময়লৈকে দুয়োটা দল গ’লশূন্যভাৱে ৰয়।

কিন্তু চেম্পিয়নসকল সদায় শেষ মুহূৰ্তৰ যাদুত পাৰ্গত। প্ৰথমাৰ্ধত পেনাল্টি মিছ কৰি হতাশাৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা এমবাপেই দ্বিতীয়াৰ্ধত ফ্ৰান্সৰ শিল্পৰ মধ্যমণি হৈ পৰে। ৬০ মিনিটত ডেজিৰী ড’ইৰ নিখুঁত পাছৰ পৰা বলটো লাভ কৰি বক্সৰ বাওঁফালৰ পৰা সোঁ ভৰিৰে জুখিমাখি মৰা শ্বটটোৰে বেন’ক পৰাস্ত কৰে।

ফ্ৰান্স ১-০ত আগবাঢ়িল। এই এটা গ’লৰ আঘাত চম্ভালাৰ আগতেই ফৰাচীসকলে পুনৰ আঘাত কৰে। ৬৬ মিনিটত এমবাপে নিজে গ’ল নিদিলে, কিন্তু অউছমান ডেম্বেলক বলটো সজাই দিলে। বক্সৰ বাহিৰৰ পৰা ডেম্বলেৰ নিখুঁত শ্বট পোনে পোনে মৰক্কোৰ নেটত সোমাই গ’ল। ব্যৱধান ২-০ গ’লত ৰ’ল। খেলখনৰ ভাগ্য প্ৰায় তাতেই লিখা হৈ গৈছিল।

পিছ পৰি থকা মৰক্কোৰ প্ৰশিক্ষকগৰাকীয়ে সালসলনিৰ কাৰ্ড খেলিলে। ছোফিয়ানে আমাৰাবাট আৰু ছুফিয়ান ৰহিমী খেলপথাৰত নামিল। ৬৩ মিনিটত আগ্ৰাসী টেকেলৰ বাবে ইছা ডিঅ’পে হালধীয়া কাৰ্ড লাভ কৰে। আচ্ৰাফ হাকিমি বা ব্ৰাহিম ডায়েজে পুনৰ মেচখনত প্ৰৱেশ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু তেওঁলোকৰ হাতত মাইক মেইগনানৰ প্ৰাচীৰ আৰু ফৰাচী প্ৰতিৰক্ষাৰ অনুশাসন ভংগ কৰিব পৰা ক্ষমতা নাছিল।

A third straight Semi-final secured for France. 🇫🇷#FIFAWorldCup

— FIFA World Cup (@FIFAWorldCup) July 9, 2026

খেলখনৰ ৭৭ মিনিটত আঘাতৰ বাবে এমবাপে খেলপথাৰৰ পৰা আঁতৰি যোৱাটোৱে নিশ্চিতভাৱে ফ্ৰান্সৰ শিবিৰৰ বাবে কিছু চিন্তাৰ সৃষ্টি কৰিছিল। বিকল্প হিচাপে নমা খেলুৱৈ জিন ফিলিপ মেটেটাই ইনজুৰি টাইমত এটা সুযোগ পাইছিল যদিও বেন’ৱে সেইটো ৰক্ষা কৰে। অৱশ্যে ই ফৰাচীসকলৰ বিজয়ত বাধা নহ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd