ইথানল মিশ্ৰিত পেট্ৰ’ল বা ‘ই২০’ ইন্ধনক লৈ চলি থকা বিতৰ্কই এইবাৰ চিধা প্ৰত্যাহ্বান আৰু প্ৰতি প্ৰত্যাহ্বানৰ যুঁজ আৰম্ভ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে ইথানল মিহলি কৰা পেট্ৰ’লৰ বাবে গাড়ী বিকল হোৱা এনে এজন ভুক্তভোগীক যাতে তেওঁৰ আগত হাজিৰ কৰোৱা হয়। ২৪ ঘণ্টাৰ ভিতৰতে প্ৰতিবাদকাৰীসকলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰে।
তেওঁলোকৰ স্পষ্ট প্ৰত্যুত্তৰ, “আপুনি এজন বিচাৰিছে, আমি এজন নহয়, ছয়জনক আপোনাৰ সন্মুখত থিয় কৰাম।” কিন্তু তাৰ বাবে এটাই চৰ্ত – এই সাক্ষাৎ মিডিয়াৰ কেমেৰাৰ সন্মুখত আৰু ইয়াক লাইভ ষ্ট্ৰীম কৰিব লাগিব।
ইণ্ডিয়া টুডে টিভিক দিয়া এক আছুতীয়া সাক্ষাৎকাৰত নীতিন গাডকাৰীয়ে ইথানল নীতিক সমালোচনা কৰা প্ৰতিবাদকাৰীসকলক তীব্ৰ ভাষাৰে আক্ৰমণ চলাইছিল। সেই প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে সামাজিক কৰ্মী তথা উদ্যোগী তহছিন পুনাৱাল্লাই ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে।
দেওবাৰে দিল্লীৰ যন্তৰ মন্তৰত ‘টিম ভাৰত’ৰ বেনাৰত, তেওঁৰ নেতৃত্বত, ই-২০ ইন্ধনৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ পৰিসৰৰ প্ৰতিবাদ হৈছিল। পুণৱাল্লাই কয় যে তেওঁলোকে ক্ষতিগ্ৰস্ত লোকসকলক মন্ত্ৰীগৰাকীৰ বাসগৃহলৈ নিয়াৰ পৰিকল্পনা কৰিছিল যদিও দিল্লী আৰক্ষীয়ে তেওঁলোকক তালৈ যোৱাত বাধা প্ৰদান কৰে।
তহছিন পুনাৱাল্লাই তেওঁৰ ভিডিঅ’ বাৰ্তাত কয়, “নিতিন গাডকাৰী ডাঙৰীয়াৰ প্ৰত্যাহ্বান আমি আনন্দৰে গ্ৰহণ কৰিছো। তেওঁৰ কথামতেই আমি এনে লোকক চিনাক্ত কৰিছো, যাৰ ই-২০ ইন্ধন ব্যৱহাৰ কৰাৰ পিছত গাড়ী নষ্ট হৈছে। আমাৰ হাতত এনে ছয়জন লোক সাজু আছে। কিন্তু আমি ইচ্ছা কৰিলেই মন্ত্ৰীগৰাকীৰ ঘৰলৈ গৈ তেওঁক লগ কৰিব নোৱাৰো। আমি যদি তালৈ যাওঁ তেন্তে আৰক্ষীয়ে আমাক আটক কৰিব বা গ্ৰেপ্তাৰ কৰিব।”
নীতিন গাডকাৰীক সম্বোধন কৰি পুনৱাল্লাই লগতে কয়, “ছাৰ, আপুনিয়েটো প্ৰত্যাহ্বানটো দিলে, গতিকে আমি আপোনাক এতিয়া কিয় লগ কৰিব নোৱাৰো? হয় দিল্লী আৰক্ষীয়ে আমাক লগ পোৱাৰ ব্যৱস্থা কৰক, নহয় আপুনি নিজেই আমাক এপইণ্টমেণ্ট দিয়ক। কিন্তু আমাৰ একমাত্ৰ চৰ্ত হ’ল আপোনাৰ সৈতে হোৱা এই সকলোবোৰ আলোচনা আৰু ভুক্তভোগীৰ কথা-বতৰা সংবাদ মাধ্যমৰ সন্মুখত লাইভ সম্প্ৰচাৰ কৰা হওক। আমি আপোনাৰ সন্মুখতে প্ৰমাণ কৰি দিম যে ই-২০ ইন্ধনৰ বাবে সাধাৰণ মানুহৰ গাড়ীত সঠিকভাৱে কি কি সমস্যা হৈছে।”
নীতিন গাডকাৰীয়ে আগবঢ়োৱা প্ৰত্যাহ্বানটো ঠিক কি আছিল? যোৱা বুধবাৰে ইণ্ডিয়া টুডে টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ ইথানল ব্লেণ্ডেড পেট্ৰ’ল (ইবিপি) কাৰ্যসূচীৰ বিৰুদ্ধে উত্থাপিত সকলো সমালোচনা খাৰিজ কৰে। চৰকাৰৰ সিদ্ধান্তৰ পক্ষ লৈ তেওঁ কয় যে ই ২০ পেট্ৰ’লৰ বাবে কোনো গাড়ীৰ ক্ষতি হোৱা বুলি আজিলৈকে কোনেও প্ৰমাণ কৰিব পৰা নাই।
ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে সমালোচকসকলক প্ৰত্যাহ্বান জনাই কয় যে, “যদি ক্ষমতা আছে তেন্তে এনে এজন ব্যক্তিৰ নাম দেখুৱাওক যাৰ গাড়ী, বাইক বা স্কুটাৰ কেৱলমাত্ৰ এই ইথানলযুক্ত তেলৰ বাবে নষ্ট হৈছে।” তেওঁ লগতে কয় যে যদি সঁচাকৈয়ে কাৰোবাৰ এনে সমস্যা হয় তেন্তে তেওঁলোকে ডিলাৰৰ ওচৰত বা পোনপটীয়াকৈ মন্ত্ৰালয়ৰ ওচৰত অভিযোগ দিব পাৰে। মন্ত্ৰালয়ে প্ৰতিটো অভিযোগ চোৱাচিতা কৰিব আৰু যদি ইথানলৰ বাবে ক্ষতি হোৱা বুলি প্ৰমাণিত হয় তেন্তে ক্ষতিপূৰণ বা সাহায্যৰ ব্যৱস্থা কৰা হ’ব।”
নীতিন গাডকাৰীৰ পৰিয়ালৰ লোক ইথানলৰ ব্যৱসায়ত জড়িত হোৱাৰ বাবে বিৰোধীয়ে দীৰ্ঘদিন ধৰি স্বাৰ্থৰ সংঘাতৰ অভিযোগ উত্থাপন কৰি আহিছে। সাক্ষাৎকাৰত সেই জল্পনা দূৰ কৰিবলৈও চেষ্টা কৰিছিল মন্ত্ৰীগৰাকীয়ে। নীতিন গাডকাৰীয়ে কয়, “ইথানল নীতিৰ পৰা মোৰ কোনো ব্যক্তিগত লাভ নাই। দেশৰ মুঠ ইথানল উৎপাদনৰ মাত্ৰ ০.০৭ শতাংশ শ্বেয়াৰ মোৰ হাতত আছে। ইমান সামান্য শ্বেয়াৰৰ পৰা কোনো ডাঙৰ আৰ্থিক লাভ পোৱাৰ প্ৰশ্নই উত্থাপন নহয়।” প্ৰতিবেদন অনুসৰি ভাৰতে বৰ্তমান প্ৰায় ৫৫০ টা ইউনিটৰ জৰিয়তে বছৰি ১৫০০ কোটি লিটাৰ ইথানল উৎপাদন কৰে।
অৱশ্যে নীতিন গাডকাৰীৰ স্পষ্টীকৰণ মানি ল’বলৈ অনিচ্ছুক তহচিন পুনাৱাল্লাই। প্ৰত্যুত্তৰত তেওঁ কয়, “কালি আপুনি কৈছিল যে আপোনাৰ পৰিয়ালৰ হাতত মাত্ৰ ০.০৭ শতাংশ শ্বেয়াৰ আছে। কিন্তু আপোনাৰ পুত্ৰসকল এই ব্যৱসায়ৰ লগতে জড়িত ছাৰ! এই সামান্য শতাংশৰ মূল্য বছৰি প্ৰায় ৫০ৰ পৰা ১০০ কোটি টকা আৰু ইথানলৰ বজাৰ বৃদ্ধিৰ লগে লগে এই অংকটোও ডাঙৰ হৈ আহিছে।” ইয়াক স্বাৰ্থৰ সংঘাত বুলি অভিহিত কৰি পুনাৱালাই তীব্ৰ কটাক্ষৰ সুৰত কয়, “এয়া আচলতে এটা ‘বেটা বাঢ়াও’ আঁচনি (পুত্ৰৰ ব্যৱসায় উন্নত কৰাৰ আঁচনি)। অতি বিনম্ৰভাৱে মই আপোনাৰ ওচৰত আপোনাক লগ কৰিবলৈ অলপ সময় বিচাৰিছো।”
এই সমগ্ৰ বিতৰ্কৰ মূলতে কেন্দ্ৰৰ ইথানল মিশ্ৰিত পেট্ৰ’ল কাৰ্যসূচী। খাৰুৱা তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা, পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা আৰু কৃষকৰ আয় বৃদ্ধি কৰা চৰকাৰৰ লক্ষ্য বুলি কোৱা হৈছে। ২০১৮ চনৰ ৰাষ্ট্ৰীয় জৈৱ ইন্ধন নীতিয়ে ২০৩০ চনৰ ভিতৰত পেট্ৰলত ২০ শতাংশ ইথানল মিহলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।কিন্তু চৰকাৰে এই সময়সীমা আগবঢ়াই আনি যোৱা বছৰৰ শেষৰ ফালে অৰ্থাৎ ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ দেশতে ২০ শতাংশ ইথানল মিশ্ৰণ (E20) বাধ্যতামূলক কৰি তোলে। আৰু চলিত ২০২৬ চনৰ ভিতৰতে দেশৰ সমস্ত পেট্ৰল পাম্পত এইটো সম্পূৰ্ণভাৱে আৰম্ভ হৈ গৈছে।
চৰকাৰী বিষয়া আৰু তেল কোম্পানীসমূহে দাবী কৰে যে ই-২০ পেট্ৰ’লে তেলৰ অক্টেন ৰেটিং প্ৰায় ৯৫ লৈ বৃদ্ধি কৰে, যাৰ ফলত আধুনিক ইঞ্জিনৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। কিন্তু গ্ৰাহকৰ অভিজ্ঞতা সম্পূৰ্ণ বিপৰীত। গাড়ীচালকসকলৰ অভিযোগ যে বজাৰত থকা প্ৰায় ৮০ শতাংশ গাড়ীয়েই মূলত ‘ই১০’ (১০% ইথানল মিশ্ৰণ)ৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে নিৰ্মিত। এই গাড়ীসমূহত ই-২০ পেট্ৰ’লৰ বাধ্যতামূলক ব্যৱস্থাৰ বাবে হঠাতে ১০ৰ পৰা ২০ শতাংশ মাইলেজ হ্ৰাস পাইছে। বিশেষকৈ ২০২৩ চনৰ আগতে বা প্ৰি-বিএছ৬ গাড়ীৰ ইঞ্জিন এই তেলৰ বাবে ক্ষতিগ্ৰস্ত হৈছে।
আটাইতকৈ ডাঙৰ আশংকা হৈছে গাড়ীখনৰ আভ্যন্তৰীণ যন্ত্ৰাংশৰ বাবে। ভাৰতীয় অটোমোটিভ ৰিচাৰ্চ এছ’চিয়েশ্যনৰ এক অধ্যয়নত দেখা গৈছে যে ই-১০-সঙ্গতিপূৰ্ণ বাহনত ই-২০ পেট্ৰ’ল ব্যৱহাৰ কৰিলে ইন্ধন ইনজেকচন চিষ্টেমৰ ৰবৰ আৰু প্লাষ্টিকৰ যন্ত্ৰাংশসমূহ দ্ৰুতভাৱে ক্ষয় যায় আৰু নষ্ট হয়। অৱশ্যে এই প্ৰতিবেদন চৰকাৰে এতিয়াও ৰাজহুৱা কৰা নাই। বহু চালকে ছ’চিয়েল মিডিয়াতো ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত দেখা গৈছে যে এই মিশ্ৰিত তেলটো কাঁচৰ বটলত ৰাখিলে কেনেকৈ পানী আৰু তেল পৃথক হয় বা নষ্ট হৈ যায়। গাড়ী ষ্টাৰ্ট কৰাত সমস্যা বা ইন্ধন চিষ্টেম জাম হোৱাৰ দৰে বহু অভিযোগ উত্থাপন হৈছে।
প্ৰতিবাদকাৰীসকলে দাবী কৰে যে তেওঁলোক ইথানল মিশ্ৰণৰ বিৰোধী নহয়, কিন্তু কোনো বিকল্প নেৰাখি জোৰ-জবৰদস্তি এইটো জাপি দিয়াৰহে বিৰোধী। কোটি কোটি পুৰণি গাড়ীৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ই ১০ বা নিয়মীয়া পেট্ৰ’ল পোৱাৰ অধিকাৰ বিচাৰে। গ্ৰাহকৰ মুক্ত পছন্দৰ এই দাবীটোৱে যন্তৰ মন্তৰত প্ৰতিবাদৰ সময়ত সবলভাৱে উত্থাপন কৰা হৈছিল।





