চামগুৰিত কিশোৰী  অপহৰণকাৰীৰ লগত জড়িত ইক্ৰামুলক জেললৈ প্ৰেৰণ

f5b402a8-c73b-4e8a-9a95-cbbfd1875e56

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত ম‘ৰাচুকত ৩০ জুন অৰ্থাৎ শনিবাৰে নিশা দুই  যুৱতীসহ এজন  অপহৰণকাৰীক স্থানীয় একাংশ  ৰাইজে আটক কৰি  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হয়।

জানিব পৰা মতে,  পুৰণিগুদাম ম‘ৰাচুকত কালি সন্ধিয়া ইক্ৰামুল হুছেইন( ১৮) নামৰ এজন যুৱকসহ দুগৰাকী কিশোৰীক সন্দেহ জনক অৱস্থাত স্থানীয় একাংশ ৰাইজে প্ৰত্যক্ষ কৰি আটক কৰে।

পৰৱৰ্তী সময়ত স্থানীয় সচেতন ৰাইজে উক্ত যুৱক-যুৱতী সকলৰ চাল চলনত সন্দেহ ওপজাত তেওঁলোকক  সোধা পোছা কৰিবলৈ চেষ্টা কৰোতে  যুৱক দুজন  পলাই যাবলৈ চেষ্টা কৰে। কিন্তু ৰাইজৰ তৎপৰতাত  ইক্ৰামুল হুছেইন নামৰ যুৱকজনক কৰায়ত্ব কৰে  যদিও আনজন পলাই যাবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত পুৰণিগুদাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী অপহৰণকাৰী ইক্ৰামূল হুছেইনক উদ্ধাৰ কৰাৰ লগতে অপহৃত কিশোৰী দুগৰাকীক   ৰাইজৰ পৰা চমজি লৈ  চামগুৰি আৰক্ষী থানালৈ লৈ আনি জেৰা অব্যাহত ৰাখে৷

নাৰী সৰবৰাহৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা ইক্ৰামূলৰ ঘৰ  ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত উলুৱনী কুমাৰ গাঁৱৰ নিবাসী চাহেৰ উদ্দিনৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে  পুৰণিগুদামৰ উক্ত কিশোৰী দুগৰাকী যোৱা ২৯ জুন অৰ্থাৎ শুকুৰবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল ৷

ইতিমধ্যে আটকাধীন এগৰাকী যুৱতীৰ পৰিয়ালে চামগুৰি আৰক্ষী থানাত অপহৰণ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰাৰ পাছতে আজি ইক্ৰামুল হুছেইনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে যুৱতীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।