চাহ শ্ৰমিকক মিছা প্রতিশ্রুতিৰ ল’লিপপ দিছে বিজেপিয়ে : ছান্তিয়াছ কুজুৰ

20180712_114643-01

এখন সংবাদমেলত ৰাজ্যসভাৰ সাংসদ,অসম চাহ মজদুৰ সন্থাৰ সাংগঠনিক সম্পাদক আৰু অসম চাহ মজদুৰ সন্থাৰ মঙলদৈ শাখাৰ সম্পাদক ছান্তিউছ কুজুৰ

অসম চাহ মজদুৰ সন্থা আৰু অসম উপত্যকা শাখাৰ চাহখেতি সন্থাৰ পৰামৰ্শমূলক সমিতিৰ (Consultative Committee of Plantation Associations, চমুকৈ CCPA) মাজত অনুষ্ঠিত হোৱা চুক্তি অন্তিম মজুৰি চুক্তি যোৱা বছৰৰ ডিচেম্বৰ মাহত ম্যাদ উকলি যোৱাৰ পাছত এই পৰ্যন্ত নতুন চুক্তি স্বাক্ষৰিত হোৱা নাই।

চৰকাৰে এখন কমিটী গঠন কৰি দিছে যদিও ই কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

‘‘চাহ বাগানৰ মজদুৰসকলে জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ৩৫০ টকাকৈ মজুৰি লাভ কৰিব লাগে, কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে জাননী দিছে যে চলিত ১৩০ টকা দিন হাজিৰাৰ পৰা ১৬৭ টকাকৈ বৃদ্ধি কৰা হৈছে। আৰু এই বৃদ্ধি পহিলা মাৰ্চৰ পৰা কাৰ্যকৰী কৰা হ’ব। যোৱা দুমাহৰ ৩০ টকা বৃদ্ধি ক’ত লুকাল?

এইদৰে নোহোৱা হৈ যোৱা ৪৫০ কোটি টকা গেৰুৱা দলৰ আগন্তুক সংসদীয় নিৰ্বাচনী প্ৰচাৰৰ তহবিললৈ যাব নেকি?’’

অসম চাহ মজদুৰ সন্থাৰ মঙলদৈ শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আজি এই প্ৰশ্ন কৰিছে ৰাজ্যসভাৰ সাংসদ, অসম চাহ মজদুৰ সন্থাৰ সাংগঠনিক সম্পাদক আৰু অসম চাহ মজদুৰ সন্থাৰ মঙলদৈ শাখাৰ সম্পাদক ছান্তিয়াছ কুজুৰে।

তেওঁ আৰু কয় যে শ্ৰম মন্ত্ৰীয়ে চাহ মজদুৰসকলৰ দুৰ্দশাৰ বিষয়ে সৰৱ হৈ পৰিব লাগে যদিও তেওঁ চাহ বাগানৰ ব্যৱস্থাপক মণ্ডলীৰ এজেণ্টৰ ভূমিকা গ্ৰহণ।

নিৰ্বাচনৰ সময়ত ক্ষমতালৈ আহিলে গেৰুৱা দলটোৱে চাহ মজদুৰৰ মজুৰি ৩৫০টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰে আদিবাসী সম্প্ৰদায়টোক প্ৰতাৰণা কৰিছে। বিজেপিয়ে আদিবাসী সম্প্ৰদায়টোক মিছা প্ৰতিশ্ৰুতিৰ ল’লিপপ দি ঠগিব বিচাৰিছে বুলি ছান্তিয়াছ কুজুৰে অভিযোগ কৰিছে।

সাংসদগৰাকীয়ে কৈছে যে ২০১৯ৰ লোকসভা নিৰ্বাচনত আদিবাসী সম্প্ৰদায়টোৱে চৰকাৰক এটা যোগ্য প্ৰত্যুত্তৰ দিব।

কুজুৰে আৰু কয়, ‘‘চৰকাৰে অহা আগষ্ট মাহত এখন নতুন চুক্তিত স্বাক্ষৰ কৰি চাহ বনুৱাসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি আদায় দিব লাগে। আমি চৰকাৰক বিষয়টো অতি শীঘ্ৰেই নিষ্পত্তি কৰাৰ বাবে দাবী জনাইছোঁ।

উললএখ্য যে ৰাজ্যখনৰ পঞ্জীয়ণভুক্ত মুঠ ৭৯২খন চাহ বাগানৰ ভিতৰত ৬৮৫খনেই আছে ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু বাকী ১০৭খন আছে বৰাক উপত্যকাত। ভাৰতীয় ট্ৰেড য়ুনিয়ন আইনৰ অন্তৰ্গত পঞ্জীয়ণভুক্ত অসম চাহ মজদুৰ সন্থাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৬৮৫খনৰো অধিক চাহ বাগিচাক নিয়ন্ত্ৰণ কৰে।