চাৰিটাত লেটাৰ নম্বৰ পালে ভ’ডাফ’ন মিনি ষ্ট’ৰৰ অস্থায়ী চাফাইকৰ্মী হিচাপে নিয়োজিত বৰপেটাৰ সোণমণি দাসে

SonMoniDas_Barpeta

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষাৰ্থীসমাজৰ প্ৰতি সকলোৰে মনোযোগ কেন্দ্ৰীভূত হোৱাৰ সময়তে কিছুমান ব্যতিক্ৰম সফলতাই অভিভূত কৰিছে শিক্ষানুৰাগী ৰাইজক। অত্যন্ত দুখীয়া পৰিয়ালৰ কিছুমান ছাত্ৰ-ছাত্ৰী নিজৰ কষ্টসহিষ্ণুতা আৰু একাগ্ৰতাৰ চূড়ান্ত নিদৰ্শনেৰে দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। এনে এগৰাকী ছাত্ৰী হ’ল সত্ৰনগৰী বৰপেটাৰ এটা তেনেই দৰিদ্ৰ পৰিয়ালৰ সোনমণি দাস। তেওঁ চহৰখনৰ ভ’ডাফ’ন মিনি ষ্ট’ৰত অস্থায়ী চাফাই কৰ্মী হিচাপে কাম কৰে। কিন্তু আৰ্থিক কষ্টৰ মাজত আৰু প্ৰয়োজনীয় সা-সুবিধাৰ অবিহনেই নিজৰ শিক্ষা আহৰণ যাত্ৰা কৰা সোণমণি দাসে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চাৰিটাকৈ বিষয়ত লেটাৰ নম্বৰ লাভ কৰি পৰিয়ালৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মুখতো হাঁহি বিৰিঙাবলৈ সক্ষম হয়।

তেওঁ বৰপেটা চহৰৰ দলাহাটী নিবাসী প্ৰয়াত দিপুল জিৎ দাসৰ সন্তান। বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ অসমীয়াত ৮৯, ইংৰাজীত ৮৪, হিন্দীত ৮২ আৰু সমাজ বিজ্ঞানত ৮০  নম্বৰসহ সৰ্বমুঠ ৪৭৯ নম্বৰ লাভ কৰে।

উল্লেখযোগ্য যে প্ৰায় পাঁচ বছৰ পূৰ্বে পিতৃক অকালতে হেৰুওৱাৰ ফলত সোণমণিৰ ঘৰখনলৈ ঘোৰ অমানিশা নামি আহিছিল যদিও পঢ়া-শুনাৰ পৰা পিছ হুঁহকি অহা নাছিল সোনমণিয়ে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য পিতৃক হেৰুওৱা সোণমণিয়ে আৰ্থিক দিশত মাতৃক সকাহ দিয়াৰ বাবে চহৰখনৰ ভ’ডাফ’ন মিনি ষ্ট’ৰত অস্থায়ী চাফাইকৰ্মী হিচাপে কাম কৰিছিল।

ছাত্ৰগৰাকীৰ এনে সাফল্যত অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাসে সোনমণিৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে কিছু আৰ্থিক সাহায্যও প্ৰদান কৰে। ভৱিষ্যতে এগৰাকী অভিযন্তা হ’বলৈ ইচ্ছা প্ৰকাশ কৰা সোনমণিৰ ইচ্ছা যাতে অপূৰণীয় হৈ নৰয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সচেতন ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছে সোনমণিৰ মাকে।