NORTHEAST NOW (Assamese)

চি পি যোশীক অসমৰ দায়িত্বৰ পৰা অপসাৰণ, হৰিশ ৰাৱতক নতুনকৈ দায়িত্ব ৰাহুল গান্ধীৰ

July 18, 2018 8:07 am · এন ই নাও নিউজ
Updated: July 18, 2018 2:19 pm

দীৰ্ঘদিন ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰূপে দায়িত লাভ কৰি অহা জ্যেষ্ঠ কংগ্ৰেছ নেতা চি পি যোশীক অসমৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁৰ ঠাইত নতুনকৈ দায়িত্ব দিয়া হৈছে হৰিশ ৰাৱতক।

এই কথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এটা সূত্ৰত প্ৰকাশ। কংগ্ৰেছ দলটোৰ সভাপতি ৰাহুল গান্ধীয়ে ১৭ জুলাইত এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

হৰিশ ৰাৱত হ’ল যোৱা বছৰৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ পৰা বিজেপিলৈ যোৱা ৰাজ্য উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী। তেওঁ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীও আছিল।

আনহাতে দলটোৰ সভাপতি ৰাহুল গান্ধীয়ে কংগ্ৰেছ ৱৰ্কিং কমিটীত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। লগতে তেওঁৰ সাংসদ পুতেক গৌৰৱ গগৈক invitee হিচাপে স্থান লাভ কৰিছে। এই মৰ্য্যাদা পোৱা তেওঁ হ’ল কনিষ্ঠতম ব্যক্তি।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ ক্ষেত্ৰত হোৱা এই বৃহৎ পৰিৱৰ্তনে বিশেষ তাৎপৰ্য্য বহন কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত আগ বঢ়াইছে।

Related News