ডিমাপুৰৰ পৰা গুৱাহাটীলৈ নিয়মীয়াকৈ অহা-যোৱা কৰা নাগালেণ্ড এক্সপ্ৰেছৰ (ৰে’ল নং ১৫৬৭০) দবাৰ ভিতৰতে ১৭ জুলাইত এজন কিশোৰ ঘটনাৱশতঃ বিদ্যুৎস্পৃষ্ট হৈ আহত হোৱাৰ পিছতো টিকট পৰীক্ষক (টি টি ই) আৰু ৰে’ল আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে।
জানিব পৰামতে, ৰে’লখন ডিফু ষ্টেইশ্যন পোৱাৰ সময়তে, ৰে’লখনৰ ভিতৰত চলি থকা এখন ফেনৰ পৰা বিদ্যুৎ প্ৰৱাহিত হৈ আহত হয় ১৫ বছৰীয়া কিশোৰ হিলাল উদ্দিন। বিদ্যুস্পৃষ্ট হৈ কিশোৰজন অচেতন হৈ পৰা কিশোৰজনৰ কথা টিকট পৰীক্ষকক জনোৱাৰ পিছতো কোনো ব্যৱস্থা নল’লে বা একো দায়িত্ব পালনৰ বাবে আগ্ৰহ নেদেখুৱালে। ৰে’লত যাত্ৰীসকলৰ সুৰক্ষাক লৈ যি প্ৰশ্ন উঠি আহিছে, তাক ই অধিক প্ৰাসংগিক কৰি তুলিছে।
নিয়মমতে, কোনো লোক অসুস্থ হ’লে বা জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হ’লে টি টি ইক খবৰ দিয়াৰ পিছত পৰৱৰ্তী ষ্টেইশ্যন পোৱাৰ লগে লগেই যাতে লোকজনে চিকিৎসাসেৱা লাভ কৰে তাৰ ব্যৱস্থা কৰিব লাগে। পৰৱৰ্তী ষ্টেইশ্যনৰ সৈতে যোগাযোগ কৰি চিকিৎসাসেৱা নিশ্চিত কৰাটো টিকট পৰীক্ষকৰ দায়িত্বৰ ভিতৰত পৰে।
আনহাতে ১৩৮ নম্বৰত ডায়েল কৰি ৰোগীৰ আত্মীয়ই নিজেও ৰেইলৱেইৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰি চিকিৎসাৰ বাবে অনুৰোধ জনাব পাৰে।
কিন্তু অজ্ঞতাৰ বাবে হিলাল উদ্দিনৰ আত্মীয়ই সেয়াও কৰিব নোৱাৰিলে। ফলত ডিফুৰ পিছত লামডিং আৰু লংকা ষ্টেইশ্যনতো ননমাই একেবাৰে হোজাইতহে ৰেইল কৰ্তৃপক্ষই তেওঁলোকক নমাই দিয়ে। ইয়াৰ পিছতে হোজাইৰ দুই সাংবাদিক কৰণ বৰা আৰু নীলবাগানৰ সাংবাদিক কফিলউদ্দিন বৰভূঞাৰ উদ্যোগত হোজাইৰ ষ্টেইশন্যৰ কৰ্মচাৰীৰ সহযোগত হিলালক হোজাই চিকিৎসালয়লৈ নি চিকিৎসা কৰা হয়।