ৰাজ্য কঁপাই যোৱা এ পি এছ চিৰ ‘ধনৰ বিনিময়ত চাকৰি’ কেলেংকাৰিত শেহতীয়াকৈ তদন্তকাৰী আৰক্ষীৰ চমন পোৱা ১৯জন ৰাজপত্ৰিত বিষয়াই আজি গুৱাহাটীৰ কাহিলিপাৰাত দিব লাগিব হস্তাক্ষৰৰ নমুনা পৰীক্ষা। লগতে তদন্তকাৰী বিষয়াৰ জেৰাৰো সন্মুখীন হ’ব।
এই ১৯জন বিষয়াৰ ভিতৰত ১৩জন এ চি এছ বিষয়া আৰু ৩জন এ পি এছ বিষয়া। আন তিনিজনৰ এজন ডি টি অ’, এজন কৰ অধীক্ষক আৰু এজন কৰ পৰিদৰ্শক বুলি জানিব পৰা গৈছে। এওঁলোকৰ ভিতৰত তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ জীয়েক পল্লৱী শৰ্মা আৰু এসময়ৰ কংগ্ৰেছী তথা বৰ্তমান বিজেপিৰ হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙৰ ভতিজী মনিকা তেৰনপিও আছে।
উল্লেখযোগ্য যে বক্ৰ পথেৰে চাকৰি লোৱাৰ সন্দেহৰ আৱৰ্তত পৰা এই বিষয়াকেইজনক কাহিলিপাৰালৈ আহি হস্তাক্ষৰৰ নমুনা দিবলৈ অলপতে চমন জাৰি কৰা হৈছিল।
চমন পোৱা বিষয়াসকল হৈছে- (১) ঋতুৰাজ নেওগ, কৰ অধীক্ষক, (২) নিপন কুমাৰ পাঠক, কৰ পৰিদৰ্শক, (৩) গুলছন ডাইলাগপু, অসম আৰক্ষী সেৱা, (৪) পল্লবী শৰ্মা, অসম আৰক্ষী সেৱা, (৫) ভাৰ্গৱ ফুকন, অসম আৰক্ষী সেৱা, (৬) সুৰঞ্জিতা হাজৰিকা, ডি টি অ’, (৭) উৎপল ভূঞা, (৮) বৰ্ণালী দাস, (৯) সুশোভন দাস, (১০) ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, (১১) মঞ্জুৰ ইলাহী লস্কৰ, (১২) মুন মজুমদাৰ, (১৩) মুস্তাফা আহমেদ বৰভূঞা, (১৪) মঃ চাইবুৰ ৰহমান বৰভূঞা, (১৫) মনিকা তেৰন্পী, (১৬) গণেশ চন্দ্ৰ দাস, (১৭) শ্ৰাৱন্তি সেন গুপ্তা, (১৮) দ্বীপশিখা ফুকন আৰু (১৯) লীনা কৃষ্ণ কাকতী।
জানিব পৰামতে, ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰা উত্তৰবহীৰ ফৰেনছিক পৰীক্ষাত জালিয়াতিৰ প্ৰাৰম্ভিক প্ৰমাণ লাভ কৰাৰ পিছতে ২০১৬ চনৰ বিষয়াকেইজনক জেৰা আৰু হস্তাক্ষৰৰ নমুনা সংগ্ৰহৰ সিদ্ধান্ত লয় ডিব্ৰুগড় আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সি পানেছাৰৰ নেতৃত্বৰ তদন্তকাৰী আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰই জনোৱামতে, এই বিষয়াসকলৰ উত্তৰবহীৰ প্ৰথম পৃষ্ঠাৰ উত্তৰবোৰৰ আখৰ আৰু ভিতৰৰ আন পৃষ্ঠাৰ উত্তৰবোৰৰ আখৰ একে নহয়।
ফৰেনছিক প্ৰতিবেদনত জালিয়াতিৰ আশ্ৰয় লোৱা বুলি প্ৰমাণ হ’লে এই বিষয়াসকল তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ হোৱা নিশ্চিত বুলি সূত্ৰটোৱে জনাইছে। গতিকে আজি তেওঁলোকৰ বাবে এই পৰীক্ষা হৈ পৰিছে অগ্নিপৰীক্ষা, যিটো এ পি এছ চিৰ পৰীক্ষাতকৈ কঠিন।