চীনৰ সৈতে বৰ্দ্ধিত সম্পৰ্কক লৈ ভাৰতক চিন্তিত নহ’বলৈ আহ্বান বাংলাদেশৰ

Bangladesh pm hasina Homecoming: BGB arrests 180 Bangladeshis returning from India

বাংলাদেশী প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ ফাইল ছবি।

শেহতীয়াভাৱে চীনৰ সৈতে সম্পৰ্ক বৃদ্ধি পোৱাক লৈ ভাৰতক চিন্তিত নহ’বলৈ  বাংলাদেশে পৰামৰ্শ দিছে।

সংবাদ সংস্থাৰ বাতৰি মতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শুকুৰবাৰে কয় যে বেইজিঙৰ সৈতে ঢাকাৰ সহযোগিতা একমাত্ৰ দেশৰ বিকাশৰ বাবেহে আৰু ইয়াত নতুন দিল্লীয়ে চিন্তা কৰিবলগীয়া একো নাই।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চুবুৰীয়া দেশখনলৈ ভ্ৰমণৰ বাবে যোৱা ভাৰতীয় সাংবাদিকৰ দল এটাৰ আগত কয় যে বাংলাদেশ চৰকাৰে কেৱল দেশখনৰ উন্নয়ন তথ্য সমৃদ্ধিৰ বিষয়েহে চিন্তা কৰিছে।

হাছিনাই লগতে কয় যে ভাৰতৰ বাহিৰেও চীন, জাপান আৰু আনকি মধ্য প্ৰাচ্যৰ দেশসমূহে বাংলাদেশৰ সৈতে সহযোগিতা আগবঢ়াই আহিছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পৰামৰ্শ আগবঢ়ায় যে ভাৰতে বাংলাদেশকে ধৰি চুবুৰীয়া দেশসমূহৰ সৈতে ‘ভাল সম্পৰ্ক’ ৰক্ষা কৰি চলা উচিত যাতে অঞ্চলটো ক্ৰমে বিকশিত কৰি তুলিব পাৰি। সংবাদ সংস্থাৰ উদ্ধৃতিত এই কথা প্ৰকাশ পাইছে।

হাছিনাই লগতে ব্যক্ত কৰিছে যে বাংলাদেশ আৰু ভাৰতৰ মাজত অতি সৌহাৰ্দ্যমূলক সম্পৰ্ক আছে আৰু দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰই জলপথ আৰু সীমা সমস্যাৰ দৰে দ্বিপাক্ষিক সমস্যাবোৰ সমাধান কৰি ‘’এক উদাহৰণ প্ৰতিষ্ঠা’’ কৰিছে।

‘’ পূৰ্বতে যিকোনো বিবাদ উদ্ভৱ হ’লে আমি আলোচনাৰ মাজেৰে তাক সমাধান কৰি আহিছো। আমি এখন শান্তিপূৰ্ণ আৰু শক্তিশালী দক্ষিণ এছিয়া নিৰ্মাণ কৰিব বিচাৰো,’’-হাছিনাই এইদৰে কয়।

ইয়াৰ মাজতে বাংলাদেশ আৰু চীনে ‘’ জোৱানসকলৰ প্ৰশিক্ষণ আৰু প্ৰযুক্তিগত সা-সৰঞ্জামৰ সহযোগিতা’’ কে ধৰি প্ৰতিৰক্ষা সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে।

পূৰ্বতে চীনে বাংলাদেশক ছয়টা ৰে’ল প্ৰকল্পৰ বাবে নিম্ন সুতৰ হাৰত ৯ বিলিয়ন ডলাৰ ঋণ দিয়াৰ আশ্বাস দিছিল। ইয়াৰ ভিতৰত এটা ৰে’ল প্ৰকল্প ভাৰতীয় সীমান্তৰ নিলগতে হোৱাৰ কথা।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এক নিযুত ৰহিংগিয়াক ম্যানমাৰলৈ ঘুৰাই পঠোৱাৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থন তথা সহযোগিতা বিচাৰে। শীঘ্ৰেই নিৰাপত্তাৰ বিষয়টো উত্থাপিত হ’ব বুলি কৈ তেওঁ এই আহ্বান জনায়।

সংবাদ মাধ্যমৰ ভাৰতীয় প্ৰতিনিধি দলটোত কলকাতা আৰু নতুন দিল্লীৰ সাংবাদিক আছে আৰু তেওঁলোকে তাত তিনিদিনীয়া দ্বিপাক্ষিক সংবাদ বিনিময়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিছে।