অবৈধভাৱে কাঠ সৰবৰাহ কৰি গুৱাহাটীত চি আই ডিৰ জালত পৰিল মহানগৰীৰ এজন বন বিষয়াৰ পুত্র। দেওবাৰে বন মহোৎসৱ আৰম্ভ হোৱা দিনটোৰ পুৱাৰ ভাগতে এজন ফৰেষ্টাৰৰ পুত্রক শাল কাঠ ভর্তি ট্রাকৰ সৈতে খানাপাৰাত চি আই ডিৰ অভিযানকাৰী দল এটাই গ্রেপ্তাৰ কৰে।
নিয়মীয়াভাৱে কাঠৰ চোৰাং ব্যৱসায় চলাই অহা লোকজন হৈছে মহানগৰীৰ লতাকাকৰিৰ হেমন্ত ডেকা। জানিব পৰা মতে তেওঁৰ পিতৃ ভবেন ডেকা মহানগৰীৰ জালুকবাৰীত এজন ফৰেষ্টাৰ হিচাপে কর্মৰত।
মহানগৰীৰে লখৰাৰ বাবুল দাস নামৰ এজন সহযোগীৰ লগত যৌথভাৱে কাঠৰ চোৰাং ব্যৱসায় চলাই আহিছিল হেমন্ত ডেকাই। মেঘালয়ৰ পৰা নিয়মিতভাৱে তেওঁলোকে এই চোৰাং শাল কাঠৰ সৰবৰাহ কৰিছিল।
জানিব পৰা মতে, চি আই ডিয়ে মেঘালয়ৰ পৰা নিয়মীয়াকৈ হেমন্ত ডেকাই চোৰাং কাঠৰ সৰবৰাহ কৰি থকাৰ তথ্য লাভ কৰিছিল। অৱশ্যে বন বিভাগৰ তালাচী চকীয়ে বহু পূর্বৰ পৰাই সকলো জানিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। একেদৰে যোৰাবাট, বশিষ্ঠ থানাৰ আৰক্ষীয়ে গোটেই বিষয়টো ভালদৰে জানে যদিও ডেকাৰ কাঠৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে কোনো অভিযান চলোৱা নাছিল।
এক গোপন সূত্রৰ পৰা চি আই ডিয়ে তথ্য লাভ কৰাৰ পিছত তদন্তকাৰী সংস্থাটোৰ উপ আৰক্ষী অধীক্ষক দেব দত্তই এটা অভিযানকাৰী দলৰ নেতৃত্ব দি নিশাৰ পৰা অপেক্ষা কৰি পুৱতি নিশা শাল কাঠ ভর্তি ট্রাকখন জব্দ কৰাৰ লগতে ট্রাকৰ সৈতে হেমন্ত ডেকাক গ্রেপ্তাৰ কৰে। চি আই ডিয়ে হেমন্ত ডেকাৰ জেৰা অব্যাহত ৰাখিছে। এতিয়া চি আই ডিৰ তদন্তত বন বিভাগৰ বিষয়া-কৰ্মচাৰীও আওতালৈ অহাৰ সম্ভাৱনা আছে।
সূত্ৰসমূহৰ পৰা জানিব পৰা মতে পিতৃ এগৰাকী বন বিষয়া হোৱাৰ সুযোগ গ্রহণ কৰি হেমন্ত ডেকাই চোৰাং কাঠৰ ব্যৱসায় কৰাৰ পথ সুচল কৰি তুলিছিল। তেওঁৰ এই গোটেই কাৰবাৰত সহযোগী আছিল বাবুল দাস। যিখন ট্রাকেৰে চোৰাং কাঠ সৰবৰাহ কৰিছিল সেই ট্রাকখনো আছিল সহযোগী বাবুল দাসৰ। অৱশ্যে এতিয়ালৈকে চি আই ডিয়ে বাবুল দাসক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।