• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে ২৭-২৮ মাৰ্চত নাৰ্ছ সন্থাৰ ৰাজ্যজুৰি কৰ্মবিৰতি ঘোষণা

এন ই নাও by এন ই নাও
March 4, 2018 2:09 pm
All-Assam-Nurses-Association-Protest-in-Guwahati.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত ১২ হেজাৰ জিএনএম নাৰ্ছক ৰাজ্য চৰকাৰখনে দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত জিএনএম নাৰ্ছসকলৰ উমৈহতীয়া সংগঠন সদৌ অসম নাৰ্ছ সন্থা (আন্না)ই  অহা ২৭ আৰু ২৮ মাৰ্চত ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই কৰ্মবিৰতিৰ সময়ছোৱাত জৰুৰী সেৱা বিভাগকো সন্থাই ৰেহাই নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। এক বিবৃতিযোগে সদৌ অসম  নাৰ্ছ সন্থাই জনোৱা অনুসৰি ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়সমূহকে ধৰি বিভিন্ন চিকিৎসালয়ত নিয়োজিত হৈ থকা জিএনএম নাৰ্ছসকলক দীৰ্ঘদিন ধৰি ৰাজ্য চৰকাৰখনে কেৱল প্ৰতাৰণা কৰি আহিছে।

Apply Now

জিএনএম নাৰ্ছসকলে দীৰ্ঘদিনৰ পৰা ভোগ কৰি অহা সমস্যাসমূহ সমাধানৰ বাবে সদৌ অসম নাৰ্ছ সন্থাই চৰকাৰৰ ওচৰত বিভিন্ন সময়ত আবেদন-নিবেদন কৰি আহিছে যদিও কোনো এখন চৰকাৰেই এই বিষয়ত গুৰুত্ব প্ৰদান কৰা নাই।

উল্লেখ্য যে সপ্তম দৰমহা আয়োগে জিএনএমসকলক ‘ষ্টাৰ্ফ নাৰ্ছ’ৰ পদমৰ্যাদাৰ পৰা অৱনমিত কৰাৰ উপৰি প্ৰাপ্য গ্ৰেড পে’ৰ পৰা বঞ্চিত কৰা সন্দৰ্ভত দৰমহা আসোঁৱাহ কমিটী আৰু বিভাগীয় মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও এইক্ষেত্ৰত দৰমহা আসোঁৱাহ কমিটী অথবা ৰাজ্য চৰকাৰে কোনো সদুত্তৰ প্ৰদান কৰাৰ প্ৰয়োজনবোধ নকৰিলে।

বিগত বৰ্ষৰ জুলাইৰ পৰা জিএনএমসকলৰ সমস্যা সন্দৰ্ভত কেইবাখনো স্মাৰকপত্ৰ সন্থাৰ তৰফৰ পৰা চৰকাৰক প্ৰদান কৰা হৈছে যদিও কোনো সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি বিবৃতিযোগে প্ৰকাশ কৰিছে সন্থাটোৱে।

সেয়েহে সমূহ অসুবিধাৰ হেতু জিএনএমসকলে অহা ২৭ আৰু ২৮ মাৰ্চত পালন কৰিব লগা কৰ্মবিৰতিৰ সময়ছোৱাত চিকিৎসালয়সমূহত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবে সদৌ অসম  নাৰ্ছ সন্থা অথবা জিএনএমসকল কোনো কাৰণতেই জগৰীয়া বা দায়বদ্ধ নহ’ব বুলি সন্থাৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে।

 

এন ই নাও

এন ই নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

June 29, 2026 1:16 pm
ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

June 29, 2026 12:14 pm
পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

June 29, 2026 1:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd