ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত ১২ হেজাৰ জিএনএম নাৰ্ছক ৰাজ্য চৰকাৰখনে দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত জিএনএম নাৰ্ছসকলৰ উমৈহতীয়া সংগঠন সদৌ অসম নাৰ্ছ সন্থা (আন্না)ই অহা ২৭ আৰু ২৮ মাৰ্চত ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এই কৰ্মবিৰতিৰ সময়ছোৱাত জৰুৰী সেৱা বিভাগকো সন্থাই ৰেহাই নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। এক বিবৃতিযোগে সদৌ অসম নাৰ্ছ সন্থাই জনোৱা অনুসৰি ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়সমূহকে ধৰি বিভিন্ন চিকিৎসালয়ত নিয়োজিত হৈ থকা জিএনএম নাৰ্ছসকলক দীৰ্ঘদিন ধৰি ৰাজ্য চৰকাৰখনে কেৱল প্ৰতাৰণা কৰি আহিছে।
জিএনএম নাৰ্ছসকলে দীৰ্ঘদিনৰ পৰা ভোগ কৰি অহা সমস্যাসমূহ সমাধানৰ বাবে সদৌ অসম নাৰ্ছ সন্থাই চৰকাৰৰ ওচৰত বিভিন্ন সময়ত আবেদন-নিবেদন কৰি আহিছে যদিও কোনো এখন চৰকাৰেই এই বিষয়ত গুৰুত্ব প্ৰদান কৰা নাই।
উল্লেখ্য যে সপ্তম দৰমহা আয়োগে জিএনএমসকলক ‘ষ্টাৰ্ফ নাৰ্ছ’ৰ পদমৰ্যাদাৰ পৰা অৱনমিত কৰাৰ উপৰি প্ৰাপ্য গ্ৰেড পে’ৰ পৰা বঞ্চিত কৰা সন্দৰ্ভত দৰমহা আসোঁৱাহ কমিটী আৰু বিভাগীয় মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও এইক্ষেত্ৰত দৰমহা আসোঁৱাহ কমিটী অথবা ৰাজ্য চৰকাৰে কোনো সদুত্তৰ প্ৰদান কৰাৰ প্ৰয়োজনবোধ নকৰিলে।
বিগত বৰ্ষৰ জুলাইৰ পৰা জিএনএমসকলৰ সমস্যা সন্দৰ্ভত কেইবাখনো স্মাৰকপত্ৰ সন্থাৰ তৰফৰ পৰা চৰকাৰক প্ৰদান কৰা হৈছে যদিও কোনো সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি বিবৃতিযোগে প্ৰকাশ কৰিছে সন্থাটোৱে।
সেয়েহে সমূহ অসুবিধাৰ হেতু জিএনএমসকলে অহা ২৭ আৰু ২৮ মাৰ্চত পালন কৰিব লগা কৰ্মবিৰতিৰ সময়ছোৱাত চিকিৎসালয়সমূহত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবে সদৌ অসম নাৰ্ছ সন্থা অথবা জিএনএমসকল কোনো কাৰণতেই জগৰীয়া বা দায়বদ্ধ নহ’ব বুলি সন্থাৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে।