চৰাইদেউত থকা মৈদামবোৰৰ জৰাজীৰ্ণ ৰূপ

বৰ অসম গঢ়াৰ ক্ষেত্ৰত চ্যু-কা-ফাৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্র অসমবাসীয়ে ১৯৯৬ চনৰ পৰা ‘অসম দিৱস’ বা চ্যু-কা-ফা দিৱস হিচাপে পালন কৰি আহিছে। অসম চৰাকাৰেও এই দিৱসটোক স্বীকৃতি দিয়াই নহয়, চ্যু-কা-ফাৰ নামত বঁটাও প্ৰচলন কৰিছে। কিন্তু তাৰ পাছতো ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ চৰাইদেউৰ মৈদামবোৰৰ জৰাজীৰ্ণ ৰূপে বহুতকে হতাশ কৰিছে। অসম তথা কেন্দ্ৰীয় চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ চৰম অমনোযোগিতা বাবেই ক্ৰমাৎ সময়ৰ বুকুত বিলীন হৈ যাবলৈ ওলাইছে আহোম ৰাজত্ত্ব কালৰ ঐতিহ্য বহন কৰি থকা আহোম স্বৰ্গদেউসকলৰ মৈদামকেইটা। প্ৰবল প্ৰতাপী স্বৰ্গদেউ শিৱসিংহ মৈদাম পুৰাতত্ত্ব বিভাগে খন্দাৰ পিছত দুটা দশক ধৰি তেনেকৈয়ে পেলাই থৈছে । প্ৰায় পাঁচশ বিঘা মাটিত বিস্তৃত হৈ থকা চৰাইদেউৰ এই সমাধিস্হলত বৰ্তমান ৪২টা সৰু বৰ মৈদাম অৱস্থিত। ৬০০ বছৰীয়া আহোম ৰাজত্বৰ কালৰ অৱসান ঘটাৰ পাছৰে পৰা কেইদশক মান পূৰ্বলৈকে চৰাইদেউৰ এই বৃহৎ অঞ্চলত থকা মৈদাম বোৰ হাবি- জংঘলেৰে আৱৰি আছিল। বহু বছৰ এনেদৰে অৱহেলিত হৈ থকাত এই মৈদাম সমূহ আশীৰ দশকৰ আৰম্ভণিতে স্থানীয় সমাজৰ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত আৰু বিভিন্ন দল-সংগঠনৰ দাবীত অসম চৰকাৰৰ পুৰাতত্ত্ব আৰু পৰ্যটন বিভাগৰ উদ্যোগত সংৰক্ষণ ব্যৱস্থা কৰা হয় । ৯০  দশকৰ শেষৰফালে কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰাইদেউ মৈদাম সমূহক ৰাষ্ট্ৰীয় সংৰক্ষিত ৰ্কীতিচিহ্ন হিচাপে ঘোষণা কৰে আৰু ইয়াত থকা চাৰিটা মৈদাম সংৰক্ষণৰ দায়িত্ব পুৰাতত্ত্ব বিভাগে গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত বিভাগটোৱে আহোম ৰাজত্বকালৰ মৈদাম দিয়া প্ৰথাটোৰ বিষয়ে অধিক তথ্য লাভ কৰাৰ উদ্দেশ্যে তেওঁলোকৰ তত্বাধাৱনত থকা আহোম স্বৰ্গদেউ শিৱ সিংহৰ বুলি ধাৰণা কৰা মৈদামটোৰ খনন কাৰ্য আৰম্ভ কৰে। ২০০৩ চনৰ ১২ মাৰ্চ পৰ্যন্ত বিভাগটোৱে খনন কাৰ্য অব্যাহত ৰাখে । জানিব পৰা মতে এই খননত মৈদামটোৰ ভিতৰত প্ৰায় ৫০ ফুট উচ্চতাৰ এটা মন্দিৰ আকৃতিৰ পকীঘৰ উদ্ধাৰ হয় । লগতে কেইবাটাও লাওখোলা, সোণৰ মূল্যৱান সামগ্ৰী উদ্ধাৰ হয়। খননত উদ্ধাৰ হোৱা এই সামগ্ৰী সমূহ চৰাইদেউ মৈদামৰ প্ৰাংগণত থকা যাদুঘৰত সংৰক্ষণ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছিল যদিও আজিলৈকে কিন্তু সংৰক্ষণ কৰা পৰিলক্ষিত নহ’ল।