NORTHEAST NOW (Assamese)

চৰাইদেউৰ গুলীচালনাৰ ঘটনাত আলফা জড়িত : আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সহায়

April 23, 2018 11:03 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

উজনি অসমৰ দুই ভিন্ন স্থানত সংঘটিত গুলীচালনাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুলীচালনাৰ স্থান দুটা হৈছে চৰাইদেউৰ সাপেখাতী আৰু অসম–নাগালেণ্ড–অৰুণাচল সীমান্তৰ কানুবাৰী।

প্ৰাপ্ত তথ্য মতে সাপেখাতী চাৰিআলিত সংঘটিত প্ৰথমটো গুলীচালনাৰ ঘটনাত এটা পেট্ৰ’ল পাম্পলৈ লক্ষ্য কৰি বাইকত অহা দুই দুৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণ কৰে।

এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি কবিৰ আহমেদ নামৰ লোকজনৰ পেট্ৰল পাম্পলৈ লক্ষ্য কৰি কৰা গুলীচালনাৰ পৰা পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰী কেইজনৰ কথমপি প্ৰাণৰক্ষা পৰে। উক্ত গুলীচালনাটোৰ ফলত তাত ৰখাই থোৱা এখন ডাম্পাৰৰ ক্ষতিসাধন হয়।

আনহাতে গুলীচালনাৰ পিছতে দুৰ্বৃত্তৰ দলটোৱে তাৰ পলায়ন কৰে। ঘটনাস্থলিৰ পৰা প্ৰায় অৰ্ধশতাধিক খালী কাৰ্টিজৰ লগতে এটা গ্ৰেনেডো উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

অন্যহাতে সাপেখাতীৰ পিছতে অসম–নাগালেণ্ড–অৰুণাচল সীমান্তৰ কানুবাৰীত আন এক গুলীচালনাৰ ঘটনা সংঘটিত হয় বুলি খবৰ পোৱা গৈছে। অৱশ্যে ইয়াত কোনো লোক হতাহত হোৱা নাই।

আজিৰ এই গুলীচালনাৰ ঘটনাত সৈতে আলফা স্বাধীন জড়িত আছে বুলি সংবাদ মাধ্যমক আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সহায়য়ে জানিবলৈ দিয়ে।

Related News