চৰাই চিকাৰীৰ বিৰুদ্ধে কাৰ্য ব্যৱস্থা গ্ৰহণৰ আশ্বাস মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰীৰ

লকটক হ্রদত পৰিভ্ৰমী চৰাইৰ বিচৰণ

মণিপুৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী থওনাউজাম শ্যামকুমাৰে পৰিভ্ৰমী চৰাই ধৰা তথা চিকাৰ কৰা লোকৰ বিৰুদ্ধে কাৰ্য ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

নতুন সচিবালয়ৰ নিজৰ চৰকাৰী কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰি বন আৰু পৰিৱেশ মন্ত্ৰী গৰাকীয়ে কয়,’’ আমাৰ বিভাগে ইয়াৰ বন্যপ্ৰাণীকে ধৰি লকটক হ্ৰদৰ সুৰক্ষাৰ বাবে কঠোৰ দৃষ্টি ৰাখিছে। তেওঁ কয় যে বিভাগে পৰিভ্ৰমী চৰাই ধৰা আৰু চিকাৰ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ বিভাগৰ বিষয়াসকলে উত্তৰ পূব ভাৰতৰ বৃহত্তম বিশুদ্ধ পানীৰ হ্ৰদটো ৰক্ষা কৰিবলৈ আৰু ইয়াৰ উন্নয়নৰ বাবে বদ্ধপৰিকৰ। লকটক হ্ৰদৰ চৌপাশে থকা জনসাধাৰণক বিভাগৰ বিষয়াসকলক সহযোগ আৰু উৎসাহিত কৰিবলৈ আহ্বান জনায়।

পূৰ্বৰ বছৰটোত গ্ৰহণ কৰা উন্নয়নমূলক প্ৰকল্পটোৰ বিষয়ে তুলি ধৰি  লকটক উন্নয়ন কৰ্তৃপক্ষৰ ২০১৮ চনৰ কেলেণ্ডাৰ মুকলি কৰাৰ চৰকাৰী দায়বদ্ধতাৰ বিষয়েও তেওঁ প্ৰতিশ্ৰুতি দিয়ে।