ছ’চিয়েল মিডিয়াত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত নোৱাৰিব দিব আপত্তিজনক মন্তব্য

‘ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত কোনো আপত্তিজনক মন্তব্য কৰিলে বিপদত পৰিব আপুনি৷ কাৰণ, আপত্তিজনক মন্তব্য কৰিলেই আপোনাৰ বিৰুদ্ধে আইনগত ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে৷’ নগাঁৱত আজি এই কথা প্ৰকাশ কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ প্ৰাকমুহূৰ্তত পাঁচখন জিলাৰ অভ্যন্তৰীণ নিৰাপত্তা আৰু আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি নগাঁৱত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু ৰাজ্যৰ মুখ্য সচিব টি ৱাই দাস।

ইয়াৰ পিছতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবৰ উপস্থিতিত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। য’ত নগাঁও, মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো উপস্থিত থাকে।

এই বৈঠকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ পিছত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ ওপৰত বিতংভাবে আলোচনা কৰা হয়। বিশেষকৈ জিলা কেইখনৰ অভ্যন্তৰীণ নিৰাপত্তা আৰু আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত পৰ্যালোচনা কৰে আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবে ৷

বৈঠকৰ অন্তত সাংবাদিকৰ আগত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত কোনোৱে আপত্তিজনক মন্তব্য দিলে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে ৷ লগতে আলোচনাৰ মজিয়ালৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰি আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই একাংশ আৰক্ষী বিষয়াই বিধি-পথালি দিয়া বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীয়ে বিধি পথালি দিয়া কথা অস্বীকাৰ কৰি আলোচনাৰ দুৱাৰ সদায় খোলা আছে বুলি মন্তব্য কৰে।