ছাত্ৰসংগঠনৰ সহোগতহে আমি স্বায়ত্ব শাসিত ৰাজ্য লাভৰ লক্ষ্যলৈ আগুৱাই যাব পাৰিম : মুখ্য কাৰ্যবাহী

karbi photo

পশ্চিম কাৰ্বি আংলঙৰ চালনাত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় কাৰ্বি ছাত্ৰ সন্থাৰ ৪৫ সংখ্যক বাৰ্ষিক সাধাৰণ অধিবেশন।

কাৰ্যসূচীৰ প্রথম দিনা পাহাৰীয়া জিলাখনত থকা কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক, শাখা সমিতিৰ সভাপতি-সম্পাদকৰ লগতে প্ৰতিনিধিসকলক আদৰণি জনোৱা হয়।

শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় বেয়ে সাংগঠনিক পতাকা উত্তোলন কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সম্পাদক মণিৰাম টকবিৰ নেতৃত্বত শ্বহীদ ছাত্ৰনেতা-কৰ্মীক সুঁৱৰি বন্তি প্ৰজ্জ্বলন আৰু পুষ্প অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কাৰ্বি ছাত্ৰ সংগঠনটোয়ে।

দেওবাৰে অন্তিমটো দিনৰ কাৰ্যসূচীত এখন মুকলি সভাৰ আয়োজন কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’, পৰিষদীয় সদস্য মংগলছিং তিমুং, দৰছিং ৰংহাং, ৰামছিং তিমুং, প্ৰভাত টাৰ’, কাৰ্বি কলচাৰেল চছাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰৰ লগতে বিভিন্ন দল-সংগঠনৰ ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।

সভাত মুখ্য অতিথি তথা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত সংগঠনটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে অনাগত দিনত ছাত্ৰ সংগঠনটোয়ে কাৰ্বি আংলঙত গঠনমূলক কাম-কাজ, উন্নয়ন আৰু বিকাশ সাধনত সহায় সহযোগিতা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।

ভাষণ প্ৰসংগত তেওঁ কাৰ্বি আংলঙৰ জনতাই দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা স্বায়ত্ব শাসিত ৰাজ্যৰ  দাবী সন্দৰ্ভত প্রতিটো ৰাজনৈতিক-অৰাজনৈতিক দল অথবা সংগঠনৰ লগতে সমান্তৰালকৈ কাৰ্বি ছাত্ৰ সন্থায়েও দায়িত্ব সহকাৰে আগভাগ লৈ সহায় আগবঢ়াই যাবলৈ আহ্বান জনায়।

তেওঁ কয় যে ছাত্ৰসংগঠনৰ ভূমিকা আৰু অৱদানৰ সহায়তহে আমি আমাৰ স্বায়ত্ব শাসিত ৰাজ্য লাভৰ লক্ষ্যলৈ বুলি এখোজ হ’লেও আগুৱাই যাব পাৰিম।

দেওবাৰে ইয়াৰ পূৰ্বে ৰংহাঙে পৰিষদীয় ৰংখাং সমষ্টিৰ দলনিত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনত এখন মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন, আৰ এম এছ এ ৰ অধীনত নিৰ্মাণ কৰা এটি বিদ্যালয় গৃহৰ শুভ উদ্বোধন কৰাৰ লগতে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাৰ্ষিক কাযৰ্কৰী পৰিকল্পনাৰ জৰিয়তে ৫৭ লাখ টকা ব্যয় সাপেক্ষে ভেলাপাৰা- উত্তৰ ভেলাপাৰা সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।