ছাত্ৰসকল সমাজৰ গুৰুত্বপূৰ্ণ সম্পদ : অৰুণাচলৰ ৰাজ্যপাল

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি ডি মিশ্ৰ

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ (অৱসৰপ্ৰাপ্ত) বি ডি মিশ্ৰই সোমবাৰে ৰাজ্যখনৰ তিনিখন আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান –দৈমুখৰ ৰণো হিলছৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, নিৰজুলিৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নেল ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকন’লজি আৰু নেশ্যনেল ইনষ্টিটিউট অফ টেকন’লজি, অৰুণাচল প্ৰদেশৰ ছাত্ৰসকলৰ সৈতে ইটানগৰৰ ৰাজভৱনত মত বিনিময় কৰে।

ছাত্ৰসকলক উদ্দেশ্যি ৰাজ্যপালগৰাকীয়ে কয় যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰসকল বিশেষকৈ সমাজ, ৰাজ্য আৰু ৰাষ্ট্ৰৰ বাবে গুৰুত্বপূৰ্ণ সম্পদ।

তেওঁলোকে ৰাষ্ট্ৰখনক বিকাশ আৰু সমৃদ্ধিৰ নতুন শিখৰলৈ লৈ যাব পৰা ব্যক্তি। প্ৰগতিৰ পথত সমাজক আগবঢ়াই নিয়াৰ বাবে আমাৰ শিক্ষিত যুৱসকলে পথ প্ৰদৰ্শকৰ কাম কৰিব পাৰে।

আমাৰ সংবিধানে প্ৰদত্ত কৰা মৌলিক অধিকাৰৰ ব্যাখ্যা আগবঢ়াই ৰাজপালগৰাকীয়ে কয় যে প্ৰত্যেক অভিভাৱকৰে কৰ্তব্য হ’ল সন্তানক শিক্ষাৰ সুবিধা প্ৰদান কৰা।

তেওঁ মত বিনিময় অনুষ্ঠানত ভাগ লোৱা ছাত্ৰসকলক প্ৰাথমিক পৰ্যায়ত কনমানি শিশুহঁতৰ মাজত শিক্ষা প্ৰসাৰৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

উক্ত তিনি উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰসকলে ৰাজ্যপালক প্ৰতিশ্ৰতি দিয়ে যে তেওঁলোকে ৰাজ্যখনৰ শিশুসকলৰ প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে প্ৰচেষ্টা চলাব।

ছাত্ৰসকলৰ মাজত স্বচ্ছ ভাৰত  অভিযানক লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে উন্নয়নৰ পথত পৰিচ্ছন্নতা হৈছে প্ৰথম ঢাপ আৰু ছাত্ৰসকলে এইক্ষেত্ৰত আন্তৰিকতাৰে বৰঙণি যোগাব লাগিব।

ৰাজ্যখনৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰসকলে ৰাজ্যখনত উচ্চ শিক্ষাৰ কেনেদৰে উন্নয়ন কৰিব পাৰি সেই সম্পৰ্কে ৰাজ্যপালগৰাকীৰ আগত তেওঁলোকৰ চিন্তা-চৰ্চা ব্যক্ত কৰে।

তেওংলোকে প্ৰকাশ কৰে যে ৰাজ্যখনত চলি থকা ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ প্ৰদৰ্শনক লৈ তেওঁলোক সুখী নহয়।