ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত ভাগ লোৱা বিদ্যালয়ৰ অধ্যক্ষক দিয়া শ্ব’ কজ নটিচ প্ৰত্যাহাৰৰ দাবী গোলাঘাট আছুৰ

AASU-protest-final-570x320

গোলাঘাট জিলাৰ তিনিখন বিদ্যালয়ক বিদ্যালয়বিলাকৰ পৰিদৰ্শকে দিয়া কাৰণ প্ৰদৰ্শনৰ জাননী প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আজি জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে। উল্লেখযোগ্য যে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কছাৰীহাট ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষকেইজনক অসম সেৱা (অনুশাসন আৰু আৱেদন) বিধি, ১৯৬৪ৰ দফা ৩১১ৰ অধীনত এই কাৰণ প্ৰদৰ্শনৰ জাননী জাৰি কৰা হৈছিল।

এই কাৰণ প্ৰদৰ্শনৰ জনানীত অধ্যক্ষকেইজনক নিয়ম ভংগৰ অভিযোগত অভিযুক্ত কৰা হৈছে। কাৰণ সংশ্লিষ্ট বিদ্যালয়কেইখনৰ ছাত্ৰ-ছাত্ৰীসকলে ২৫ জুনত শ্ৰেণী চলি থকা সময়ত বিদ্যালয় ত্যাগ কৰিছিল। এইটো তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা বাবেই হ’বলৈ পাইছিল বুলি কোৱা হয়।

উল্লেখযোগ্য যে আছুৱে ২৫ জুনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত এটা প্ৰতিবাদী সমদল উলিয়াইছিল, য’ত এই বিদ্যালয়কেইখনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰিছিল।

“আমি ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছো। কাৰণ এই কাৰণ প্ৰদৰ্শনৰ জাননীৰ প্ৰতিলিপি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়ালৈও প্ৰেৰণ কৰা বুলি কোৱা হৈছে। কিন্তু তেওঁৰ সমষ্টিৰ ভিতৰত এই বিদ্যালয়কেইখন নপৰে।” এইদৰে কয় গোলাঘাট আছুৰ সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামীয়ে।

“ইয়াৰোপৰি, স্বাধীন ভাৰতত অসমৰ ছাত্ৰ সমাজে অতি সক্ৰিয় ভূমিকা লৈ আহিছে। তেওঁলোকে সকলো জ্বলন্ত সমস্যাতে ডাঙৰ ভূমিকা লৈ আহিছে। ১৯৫৫ চনৰ তেল শোধনাগাৰ আন্দোলন, ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৭২ চনৰ মাধ্যম আন্দোলন, ১৯৭৯-৮৫ চনৰ অসম আন্দোলনৰ লগতে এতিয়ালৈকে চলা সকলো আন্দোলনতে ছাত্ৰ সমাজৰ ভূমিকা আছে। বিজেপি নেতৃত্বাধীন চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কণ্ঠ ৰুদ্ধ কৰি নিজৰ ফেচিবাদী চৰিত্ৰ দেখুৱাইছে। আমি তেওঁলোকক এই ক্ষেত্ৰত সফল হ’বলৈ নিদিওঁ।” গোস্বামীয়ে কয়।

আনহাতে এই সন্দৰ্ভত স্কুল পৰিদৰ্শক হীৰেন গোহাঁইক যোগাযোগ কৰাত তেওঁ কাৰণ প্ৰদৰ্শনৰ জাননীৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ কথা অস্বীকাৰ কৰে। ইতিমধ্যে অধ্যক্ষকেইজনে কাৰণ প্ৰদৰ্শনৰ জাননীৰ উত্তৰ দিয়া বুলিও তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে অলপতে অসম বিধানসভাৰ আইন বলৱৎকাৰী কমিটীয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক শ্ৰেণীৰ সময়ত কোনো আন্দোলন আদিত ভাগ লোৱাত বাধা আৰোপ কৰিছিল।