• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

আইআইটি বোম্বাইৰ ছাত্ৰৰ লগতে পৰিয়ালৰ লোকে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জাতিভেদ প্ৰথাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰগৰাকীক কৰা অপমানৰ বাবেই মৃত্যু হোৱা বুলি দাবী কৰাৰ পাছতেই সৃষ্টি হোৱা তীব্ৰ প্ৰতিবাদৰ মাজতে কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই পদক্ষেপ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2026 9:29 pm
ফটো: সংগৃহীত

ফটো: সংগৃহীত

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এগৰাকী ২০ বছৰীয়া দলিত ছাত্ৰৰ মৃত্যুক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ মাজতে সোমবাৰে অৰ্থাৎ ২১ ছেপ্টেম্বৰত প্ৰতিষ্ঠান কৰ্তৃপক্ষই এক আনুষ্ঠানিক বিবৃতিযোগে ক্ষমা প্ৰাৰ্থনা কৰিছে। ইয়াৰ পূৰ্বে কৰ্তৃপক্ষই দাবী কৰিছিল যে ছাত্ৰগৰাকীক ছান্মাষিক পৰীক্ষাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰা অৱস্থাত ধৰা পেলোৱা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। সোমবাৰে এক্স যোগে এক পোষ্টত আইআইটি বোম্বায়ে উল্লেখ কৰে যে ছাহিলৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পৰিস্থিতিক লৈ পূৰ্বৰ যোগাযোগত কৰা মন্তব্যৰ বাবে তেওঁলোকে ক্ষমা বিচাৰিছে। এই সন্দৰ্ভত চলি থকা তদন্তৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে তথ্য প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে ঘটনাৱলীৰ সবিশেষ প্ৰকাশ কৰাটো অনুচিত আছিল বুলিও কৰ্তৃপক্ষই স্বীকাৰ কৰে।

 

Apply Now

১৮ ছেপ্টেম্বৰ, শুকুৰবাৰে আইআইটি বোম্বাইৰ ইঞ্জিনিয়াৰিং শাখাৰ ২০ বছৰীয়া ছাত্ৰ ছাহিল ৱাকোড়েক নিজৰ হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তেওঁ আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে। এই ঘটনাৰ পাছদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰত কৰ্তৃপক্ষই এক বিবৃতিযোগে প্ৰকাশ কৰিছিল যে ছাহিলে পৰীক্ষা গৃহত মোবাইল ফোন ব্যৱহাৰ কৰি প্ৰশ্নকাকতখন চেটজিপিটিত আপল’ড কৰি উত্তৰ বিচাৰিছিল। এই বিবৃতিৰ পাছতেই প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী আৰু ছাহিলৰ পিতৃ-মাতৃয়ে আইআইটি বোম্বাইৰ বিৰুদ্ধে জাতিভেদ প্ৰথাৰ অভিযোগ উত্থাপন কৰে আৰু ছাহিলক কৰা অপমানৰ বাবেই তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বুলি দাবী কৰি তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে। ‘দ্য ৱায়াৰ’ৰ এক প্ৰতিবেদন অনুসৰি, ছাহিলৰ সহপাঠী আৰু বন্ধুসকলে শক্তি বিজ্ঞান বিভাগৰ অধ্যাপক সূৰ্যনাৰায়ণ দুল্লাক ছাত্ৰগৰাকীক চৰম পদক্ষেপ ল’বলৈ বাধ্য কৰোৱাৰ বাবে অভিযুক্ত কৰিছে। উল্লেখ্য যে, শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত হোৱা পৰীক্ষাত প্ৰশাসনিক পৰিক্ৰমা বিভাগৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰা অধ্যাপক দুল্লা পৰীক্ষাগৃহৰ পৰিদৰ্শক আছিল।

 

ছাহিলৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি আইআইটি বোম্বাইৰ চৌহদত শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাৰ মাজতে যোৱা দেওবাৰে প্ৰতিষ্ঠানটোৰ সঞ্চালক শিৰীষ কেদাৰে ছাত্ৰ-ছাত্ৰীৰ ১৮ দফীয়া দাবী সম্বলিত এখন চনদত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰে। ‘টাইমছ অৱ ইণ্ডিয়া’ৰ প্ৰতিবেদন অনুসৰি, এই দাবীসমূহৰ ভিতৰত অন্যতম হৈছে অভিযুক্ত অধ্যাপক দুল্লাৰ তৎকালীন নিলম্বন আৰু তদন্তত দোষী সাব্যস্ত হোৱা যিকোনো ব্যক্তিক কঠোৰ ব্যৱস্থাৰে অপসাৰণ কৰা। তদুপৰি, সমগ্ৰ ঘটনাটোৰ এক নিৰপেক্ষ তদন্তৰ বাবে এখন সুকীয়া সমিতি গঠনৰ দাবীও কৰ্তৃপক্ষই মানি লৈছে। জানিব পৰা মতে, এই তদন্ত সমিতিত প্ৰতিষ্ঠানটোৰ সঞ্চালক, ছাত্ৰ পৰিক্ৰমা আৰু শৈক্ষিক পৰিক্ৰমা বিভাগৰ ডীন, ছাহিলৰ বিভাগীয় মুৰব্বী, একাংশ অধ্যাপক, ছাত্ৰ প্ৰতিনিধিৰ লগতে বাহ্যিক সদস্যও অন্তৰ্ভুক্ত থাকিব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd