অভিমত অসম আন্ত: ৰাষ্ট্ৰীয় ক্ৰীড়া জীৱনশৈলী দেশ প্ৰাসংগিক প্ৰশ্ন
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
Home › অসম

ছিউলত অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগপতিৰে মত বিনিময়

November 30, 2017 3:43 pm · এন ই নাও নিউজ ব্যুৰো:

বিনিয়োগকাৰীক অসমত বিনিয়োগ তথা উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী কৰাৰ প্ৰচেষ্টাৰ অংশ স্বৰূপে সম্প্ৰতি দক্ষিণ কোৰিয়া ভ্ৰমণত থকা অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তাৰ ভালেমান উদ্যোগপতিৰ সৈতে মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানটোত ভাগ লৈ তেওঁ উদ্যোগপতি তথা বিনিয়োগকাৰীসকলক অসমত থকা বিনিয়োগৰ সম্ভাৱনা তথা পৰিৱেশৰ কথা অৱগত কৰে। লগতে বিত্ত মন্ত্ৰীজনে উদ্যোগপতিসকলে যাতে তেওঁলোকৰ প্ৰতিনিধিক অসমত অনুষ্ঠিতব্য Assam Global Investors’ Summit লৈ প্ৰেৰণ কৰে তাৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে অসমত অহা ফেব্ৰুৱাৰিৰ ৩ আৰু ৪ তাৰিখত দেশী-বিদেশী বিনিয়োগকাৰীৰ এখন সন্মিলন অনুষ্ঠিত হ’ব, য’ত অসমত বিনিয়োগৰ বিষয়ত চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত আলোচনা চলিব। এই সন্মিলনলৈ যাতে অধিকৰো অধিক সংখ্যক উদ্যোগপতি তথা বিনিয়োগকাৰীক আনিব পৰা যায় তাৰ বাবে ৰজ্যৰ মুখ্য মন্ত্ৰীকে ধৰি ৰাজ্যৰ মন্ত্ৰী আমোলা দেশী-বিদেশী বিনিয়োগকাৰীক লগ ধৰি আছে। একেই উদ্দেশ্য লৈ দক্ষিণ কোৰিয়াত থকা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এটা টুইটত দক্ষিণ কোৰিয়াক তেওঁলোকৰ উদ্যমিতা তথা শ্ৰমমুখিতাৰ বাবে প্ৰশংসা কৰে। লগতে তেওঁ ভাৰতত ছেমছাং আৰু হুণ্ডাইৰ নাম একেবাৰে ঘৰুৱা নামৰ দৰে হৈ পৰা বুলিও কয়।

‹ লাহৰীঘাটত আমচাঙৰ উচ্ছেদৰ বিৰুদ্ধে তিৱা যুৱ ছাত্ৰ… অখিলক NSA ত গ্ৰেপ্তাৰ : পুনৰ শপতনামা… ›

Related News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm · এন ই নাও নিউজ, গুৱাহাটী

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am · এন ই নাও নিউজ, গুৱাহাটী
NORTHEAST NOW (Assamese) · View full site