ছিকিমত উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি উন্নয়ন আঁচনি সন্দৰ্ভত আলোচনাচক্ৰ অনুষ্ঠিত

sikkim-tribal-meet-570x320

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সচিব লীনা নায়াৰে ছিকিমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহত বাস কৰা জনজাতি উন্নয়ন কাৰ্যসূচী আৰু আঁচনিসমূহ বলৱৎ কৰাৰ সম্প্ৰতিক অৱস্থাটোৰ পুনৰীক্ষণ আৰু পৰামৰ্শ গ্ৰহণ কৰাৰ বাবে শুকুৰবাৰে গেংটকত এখন আলোচনাচক্ৰৰ আয়োজন কৰিছে।

চৰকাৰৰ দ্বাৰা প্ৰকাশিত বিজ্ঞপিটোত এই কথা প্ৰকাশিত হৈছে।

আলোচনাত প্ৰদান কৰা ভাষণত নায়াৰে কয় যে মন্ত্ৰ্যালয়ে জনজাতি উন্নয়নৰ বাবে পুঁজি প্ৰণালীবদ্ধভাৱে বৃদ্ধি কৰাটো নিশ্চিত কৰাৰ লগতে য়াতে এই পূঁজিৰ সঠিক ব্যৱহাৰ হয় আৰু সময়মতে উপযোগিতা প্ৰমাণপত্ৰ জমা দিয়া হয় তাৰ ওপৰত চকু ৰখা হ’ব।

বিজ্ঞপ্তিখনত তেওঁ আৰু কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈকে বিষয়াসকলে সঘন ভ্ৰমণ কৰাৰ ওপৰত মন্ত্ৰ্যালয়ে জোৰ দিছে।

নায়াৰে আৰু কয় যে উত্তৰ পূৰ্বাঞ্চলত এনেধৰণৰ এইখন প্ৰথম আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে আৰু ছিকিমত জনজাতীয় উন্নয়ন বিষয়ৰ ওপৰত এখন সময়োপযোগী বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ পাই তেওঁলোক সুখী হৈছে। তেওঁ আৰু কয় যে বন অধিকাৰ আইন আৰু এফ চি এ বলৱৎ কৰাৰ ক্ষেত্ৰত কেতবোৰ সীমাবদ্ধতা আছে আৰু পৰৱৰ্তী আলোচনাসমূহত এই সীমাবদ্দতা দূৰ কৰাৰ চেষ্টা কৰা হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বন অধিকাৰ আইন বলৱৎ কৰাৰ ওপৰত জোৰ দি সচিবগৰাকীয়ে কয় যে সকলো আইনগত প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি গৈ কেন্দ্ৰ চৰকাৰে  এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে।

এই আলোচনাচক্ৰত জনজাতীয় জনসাদাৰণৰ বাবে বন অধিকাৰ আইন আৰু এফ চি এ বলৱৎ কৰা, জলপানি আঁচনি, বে-চৰকাৰী সংস্থাৰ পৰা অনুদান, পাৰম্পৰিক, প্ৰচলিত আৰু ছচিয়েল মেডিয়াই এই আংচনিসমূহৰ বি,য়ে সজাগতাৰ সৃষ্টি কৰাৰ ওপৰত তেওঁ  জোৰ দিয়ে।