ছিকিমৰ ৰাজনীতিলৈ মন মেলিছে বাইচুং ভূটীয়াই

baichung

বাইচুং ভুটীয়াৰ ফাইল ফটো

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই বংগৰ ৰাজনীতি এৰি ছিকিমৰ ৰাজনীতিত প্ৰৱেশৰ মন মেলিছে।

বাইচুঙে ২০১৪ চনত দাৰ্জিলিং লোকসভা সমষ্টিৰ পৰা আৰু ২০১৬ চনত শিলিগুৰি বিধানসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

তেওঁ শীঘ্ৰেই বংগৰ ৰাজনীতি ত্যাগ কৰিব বিচাৰিছে। যোৱা বছৰৰ শেহৰ ভাগত শুনিব পোৱা গৈছিল যে টিনকিতামত জন্মগ্ৰহণ কৰা প্ৰাক্তন খেলুৱৈ গৰাকীয়ে তেওঁৰ নিজ ৰাজ্যৰ ৰাজনীতিত জড়িত হ’ব বিচাৰে।

তেওঁৰ নিকট সূত্ৰই জানিব দিয়া মতে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনৰ পিছত বাইচুঙে সক্ৰিয়া ৰাজনীতিত জড়িত হৈ পৰিছিল কিন্তু লাহে লাহে ৰাজহুৱা জীৱনৰ পৰা আঁতৰি আহিছিল। বিশেষকৈ যোৱা বছৰ দাৰ্জিলিং পাহাৰত গোৰ্খালেণ্ড আন্দোলন দমনৰ ঘটনাৰ পিছত তেওঁ নিষ্ক্ৰিয় হৈ পৰে।

তৃণমূল কংগ্ৰেছৰ এগৰাকী সদস্য হিচাপে যোৱা বছৰৰ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে গোৰ্খালেণ্ড আন্দোলন মোকাৱিলা কৰিবলৈ লোৱা দমনমূলক ব্যৱস্থা সম্পৰ্কত অসন্তুষ্টি ব্যক্ত কৰিছিল। গোৰ্খালেণ্ড সম্পৰ্কত তৃণমূল কংগ্ৰেছৰ চিন্তাৰ লগতো তেওঁ সম্পূৰ্ণ একমত নাছিল।

‘’আন্দোলনত বহু লোকৰ মৃত্যু ঘটাৰ পিছত বাইচুং অসন্তুষ্ট হৈ পৰে। তেওঁ অনুভৱ কৰিছিল যে যেতিয়া আন কিছুমান ৰাজনৈতিক দলে সংসদত সৰৱ হৈছিল ছিকিমৰ সাংসদে বিশেষ একো কৰা নাছিল আৰু সংসদত বিষয়টো সম্পৰ্কত এষাৰ মাতো মতা নাছিল,’’- তেওঁৰ এগৰাকী ঘনিষ্ঠ সহযোগীয়ে এইদৰে কয়।

বৰ্তমান ৪১ বছৰীয়া বাইচুঙে তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ তথা পৃষ্ঠভূমি কেনেদৰে নিৰ্বাচন কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

২০১৭ ৰ শেহৰ পিনে এটা ডাঙৰ উৰা বাতৰি ওলাইছিল যে ছিকিমৰ বহু ৰাজনৈতিক নেতাই তেওঁক সাক্ষাৎ কৰিছিল। তেওঁৰ গৃহ ৰাজ্যৰ জনসাধাৰণে বাইচুঙক ছিকিমৰ উন্নয়নৰ বাবে ৰাজ্যখনলৈ ঘূৰি আহি ৰাজনীতিত জড়িত হোৱাটো বিচাৰিছিল।

‘’ সময়েহে সকলো ক’ব। তেতিয়ালৈকে আমি মাত্ৰ অপেক্ষা কৰিব পাৰো,’’-তেওঁৰ বন্ধু এগৰাকীয়ে এইদৰে কয়।

বাইচুং বৰ্তমান বিহাৰৰ বেগুচৰাইত আছে য’ত ছিকিমৰ ফুটবল দলে পূব মণ্ডল সন্তোষ ট্ৰফীৰ কোৱালিফাইং ৰাউণ্ডৰ খেল খেলি আছে। ৰাজ্যিক দলটোৰ তেওঁ মুখ্য প্ৰশিক্ষক হিচাপে আছে।