NORTHEAST NOW (Assamese)

য়েছে দৰ্জে ঠংছিৰ উপন্যাসৰ আধাৰত অৰুণাচলৰ ‘ছেৰডুকপান’ ভাষাত চলচ্চিত্ৰ নিৰ্মাণ অসমীয়া পৰিচালকৰ

March 27, 2018 12:48 pm · এন ই নাও নিউজ

প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰ্জে ঠংছিৰ ‘মিশ্বিং’ নামৰ উপন্যাসৰ আধাৰত একে নামত অৰুণাচলৰ ‘ছেৰডুকপান’ ভাষাত চলচ্চিত্ৰ নিৰ্মাণ কৰিছে অসমীয়া পৰিচালক ববী শৰ্মা বৰুৱাই।

উল্লেখযোগ্য যে অৰুণাচলৰ অকা আৰু মনপা জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা এটা জনগোষ্ঠীয় ভাষা হৈছে ছেৰডুকপান। ঘাইকৈ পশ্চিম কামেং জিলাৰ ৰূপা, জিগাঁও, ঠংগৰি, ছেৰগাঁও আৰু বমডিলাত বাস কৰা এই জনগোষ্ঠীটোৰ জনসংখ্যা হৈছে প্ৰায় ৪ হেজাৰ।

এই জনগোষ্ঠীটোৰ দোৱান ব্যৱহাৰ কৰি অসমীয়া ছবি পৰিচালক ববী শৰ্মা বৰুৱাই ইতিমধ্যে চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ কাম সমাপ্ত কৰিছে বুলি প্ৰকাশ কৰিছে।

‘দ্য নিউজ মিল’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়- ‘সাহিত্যিক য়েছে দৰ্জে ঠংছিৰ ‘মিশ্বিং’ নামৰ উপন্যাসখন মই নিজেও ভাল পাওঁ। সেয়েহে ‘ছেৰডুকপান’ ভাষাত চলচ্চিত্ৰখন নিৰ্মাণ কৰিলো। কিন্তু এয়া যথেষ্ট কষ্টকৰ কাম। আশা কৰিছো কাহনীটোৱে চলচ্চিত্ৰপ্ৰেমীক ছবিখনে আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব’।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ বিভিন্ন মনোমোহা লোকেশ্বনত দৃশ্যগ্ৰহণ কৰা ছবিখনত অভিনয় কৰা ৯০ শতাংশ অৰুণাচলৰ আৰু ১০ শতাংশ অসমৰ অভিনেতা।

স্মৰ্তব্য যে বিশিষ্ট পৰিচালক গৰাকীয়ে ইতিপূৰ্বে ‘সোণাৰ বৰণ পাখি’ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে বিশ্বজুৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল।

 

Related News