ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক প্ৰাণে মৰাৰ চেষ্টা বালি মাফিয়াৰ

index

কামৰূপ(গ্ৰাম্য) জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী বালি মাফিয়াই হত্যাৰ চেষ্টা কৰা কথা পোহৰলৈ অহাৰ পাছতেই এতিয়া দক্ষিণ কামৰূপ অঞ্চলত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।

উল্লেখ্য যে অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা ছয়গাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত মঙলবাৰে চলোৱা এক অভিযানৰ সময়তে বালি মাফিয়াই বিষয়াগৰাকীক হত্যা কৰাৰ চেষ্টা চলায়।

মনকৰিবলগীয়া যে মঙলবাৰে নিশা চোৰাংভাবে কঢ়িয়াই নিয়া বালি ভৰ্তী ট্ৰাক এখনৰ সম্ভেদ পায় ভাৰপ্ৰাপ্ত আৰক্ষী বৰুৱাই ৰখাবলৈ দিয়াত ট্ৰাকখনৰ চালকজনে সেই আদেশ অবজ্ঞা কৰি আৰক্ষীৰ পৰা পলায়ন কৰে। বিষয়াগৰাকীয়ে চন্দিকা গেটলৈকে পিছা কৰে যদিও ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম নহ’ল।

প্ৰণিধানযোগ্য যে সেই ট্ৰাকখন কৰায়ত্ত কৰিবলৈ চেষ্টা চলায় থাকোতে বিপৰীত দিশৰ পৰা অহা AS25AC791 নম্বৰৰ আন এখন ট্ৰাকে আৰক্ষী বিষয়া পাটোৱাৰীক মহটিয়াই নিয়াৰ চেষ্টা কৰে।  কিন্তু সেই সময়তে আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক বচাবলৈ সক্ষম হোৱাৰ লগতে ট্ৰাকখনৰ সৈতে চালকগৰাকীকো কৰায়ত্ত কৰে। মঙলবাৰে নিশা প্ৰায় ৯.৩০মান বজাত সংঘটিত হয় এই ঘটনা।

আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা ট্ৰাকখনৰ চালকগৰাকীক তদন্ত চলোৱাৰ পাছতে এক ভয়ংকৰ তথ্য পোহৰলৈ আহে। দক্ষিণ কামৰূপ অঞ্চলত অবৈধ বালিখনন চলাই অহা মাফিয়াৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষী বিষয়াগৰাকীক প্ৰাণে মৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি আৰক্ষীৰ তদন্তত উল্লেখ কৰে ট্ৰাক চালকগৰাকীয়ে।

এই সন্দৰ্ভত আৰক্ষী বিষয়া পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়, ‘ বালি মাফিয়াৰ নিৰ্দেশতে ট্ৰাক চালকগৰাকীয়ে মোক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি তদন্তত চালকগৰাকীয়ে প্ৰকাশ কৰে’।

ইতিমধ্যে আৰক্ষীৰ জিন্মাত থকা ট্ৰাক চালকগৰাকীক ছয়গাঁৱৰ আলাউদ্দিন বুলি চিনাক্ত কৰিছে। আৰু ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰখা বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ছয়গাঁও আৰক্ষীয়ে।

উল্লেখ্য যে ৰাজ্যত বৃদ্ধি পোৱা বালি মাফিয়াৰ দৌৰাত্ম্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰক ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদনৰ মজিয়াত বুধবাৰে কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদেও অনুৰোধ কৰিছিল।