ছয়গাঁৱত আৰাধানা যাত্ৰা নামৰ এটা নাটকৰ দলৰ এগৰাকী অভিনেত্ৰীক বলাৎকাৰ আৰু হত্যাৰ চেষ্টা চলোৱা অভিনেতাক আজি আৰক্ষীয়ে আটক কৰে। আটকাধীন অভিনেতাজনক আৰক্ষীয়ে মনোজ মেধি(২৮) বুলি চিনাক্ত কৰিছে।
প্ৰাপ্ত তথ্য মতে দেওবাৰে আৰাধানা যাত্ৰা নামৰ নাটকৰ দলটোৰ শ্ব’ শেষ হোৱাৰ পিছত অভিনেত্ৰীগৰাকী ভেনটিক ভানত প্ৰৱেশ কৰে। আৰু সেই সময়তে অভিযুক্ত অভিনেতা গৰাকীয়ে ভানখনত প্ৰৱেশ কৰি বলাৎকাৰৰ চেষ্টা চলোৱাৰ লগতে অভিনেত্ৰী গৰাকীক হত্যা কৰাৰো চেষ্টা চলাই বুলি জানিব পৰা গৈছে।
ছয়গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ পাটোৱাৰীয়ে জনোৱা মতে অভিনেতা মনোজে অভিনেত্ৰী গৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ লগতে অভিনেত্ৰী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়িব খোজে। ফলত অভিনেত্ৰী গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰাত মনোজে অভিনেত্ৰী গৰাকীক হত্যা কৰাৰ চেষ্টা চলাই।
অৱশ্যে সৌভাগ্যক্ৰমে ঘটনা সংঘটিত হোৱাৰ সময়তে আৰক্ষীৰ তহলদাৰী দলে ঘটনাটো প্ৰত্যক্ষ কৰি ঘটনাস্থলীতে অভিযুক্ত অভিনেতা মনোজ মেধিক আটক কৰে। লগতে আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক উদ্ধাৰ কৰি গুৱাহাটী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত মনোজ মেধিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩২৫/৩৭৬/৫৭/৩০৭/ ধাৰাৰ অধীনত ৩২৩/১৮ নম্বৰৰ গোচৰ ৰুজু কৰে।