ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ক্ষোভৰ পিছত পুনৰ আশ্বাস কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীৰ

jual-oram

বিজেপি ক্ষমতালৈ আহিলেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি নিৰ্বাচনৰ সময়ত জনগোষ্ঠীকেইটাৰ আন্দোলকাৰী প্ৰতিনিধিসকলক দিল্লীলৈ মাতি নি বৈঠকত প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছতে বিষয়টো সম্পূৰ্ণ অৱহেলা কৰি আহিছে।

ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে শেহতীয়াকৈ পুনৰ ৰাজ্যখনত ক্ষোভৰ উকমুকনি হোৱাৰ লগে লগে আকৌ সেই ক্ষোভ প্ৰশমিত কৰি ৰখাৰ কৌশল লৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে যোৱা দুদিনত ৰাজ্যখনৰ বিভিন্ন ঠাইত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ চলি আছে।

যেতিয়াই বিষয়টোক লৈ সংশ্লিষ্ট জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামে চৰকাৰে আলোচনাৰ কথা উলিয়াই যদিও এতিয়ালৈ এই ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

যাৰ পৰিপ্ৰেক্ষিতত বিষয়টোত চৰকাৰৰ নিচক্ৰিয়তা আৰু প্ৰতাৰনাৰ বিৰুদ্ধে পুনৰ কেইবাটাও সংগঠনে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বিষয়টো সক্ৰিয়ভাৱে বিবেচনা কৰি আছে বুলি মন্তব্য কৰিছে। বিষয়টোৰ দায়িত্বত থকা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে নিজৰ টুইটাৰত আজি কয় যে সংবাদমাধ্যমে তেওঁৰ বক্তব্যক ভুলভাৱে উপস্থাপন কৰিছে।

আনহাতে অসম চৰকাৰেও আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসমৰ এই গুৰুত্বপুৰ্ণ বিষয়টো কেন্দ্ৰীয় চৰকাৰে ‘সক্ৰিয়ভাৱে বিবেচনা’ কৰি আছে বুলি জনায়। অসম চৰকাৰৰ বিজ্ঞপ্তিটোত কয়, ‘কালি নতুন দিল্লীত অনুষ্ঠিত সংবাদমেলত তেওঁ কোৱা ভাষ্য অন্য ৰূপত প্ৰকাশ কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়।‘

উল্লেখযোগ্য যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সংশ্লিষ্ট জনগোষ্ঠীৰ সংগঠনসমূহে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি থকা দেখা গৈছে।