ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰ প্ৰতিবাদ: মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবী

ST_Status

ফাইল ফটো।

এটাৰ পিছত আন এটা সময়সীমা পাৰ হোৱাৰ পিছত তথা ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি অসাৰ হোৱাৰ পিছত ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো এক প্ৰহসনত পৰিণত হৈছেগৈ। যাৰ ফলত এই জনগোষ্ঠীবোৰৰ নেতৃবৃন্দই খৰ্গহস্ত হৈ পৰিছে।

লোকসভা আৰু অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক মুনাফাৰ বাবে কেন্দ্ৰই এই সংগঠনবোৰৰ নেতৃবৃন্দক বিভিন্ন আশ্বাস দিছিল যদিও পিছত বিষয়টোত মুঠেই আগ নাবাঢ়িল। বৰং নিৰ্বাচনৰ পিছত বিভিন্ন অজুহাতত জনজাতিকৰণ প্ৰায় অসম্ভৱ বুলি বুজাব খোজা হৈছে। লগতে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰাৰ পৰিৱেশ এটা দিয়া হৈছে। এই অভিযোগ সংগঠনকেইটাৰ নেতৃবৃন্দৰ।

এই পৰিপ্ৰেক্ষিতত পুনৰ বাদ-প্ৰতিবাদৰ পৰিৱেশে গা কৰি উঠিছে ৰাজ্যখনত। মঙলবাৰে মটক জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত জনগোষ্ঠীটোৰ তিনিটাকৈ সংগঠন ক্ৰমে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদে তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালেনেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ তিনিচুকীয়া জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

এই দাবীসমূহৰ ভিতৰত আছে ঘাইকৈ মটক অধ্যুষিত এলেকাসমূহত সুকীয়া জিলা পৰিষদ গঠন কৰি স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা, মটক জনগোষ্ঠীক অনুসূচিত তালিকাত অন্তৰ্ভুক্ত নোহোৱা পৰ্যন্ত জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত সুকীয়া ব’ৰ্ড গঠন কৰি পুঁজি আবণ্টনৰ ব্যৱস্থা কৰা, গুৱাহাটী মহানগৰত মটক জনগোষ্ঠীৰ বাবে ভূমি আবণ্টন দি মটক অতিথিশালা নিৰ্মাণ কৰা, লোকসভা, বিধানসভা পঞ্চায়ত-পৌৰসভা নিৰ্বাচনত মটক জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰা, ৰাজ্য তথা কেন্দ্ৰীয় উচ্চ শিক্ষানুষ্ঠানত মটক জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰা, প্ৰাচীন মটক ৰাজ্যৰ কীৰ্তি চিহ্নসমূহ বেদখলমুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাকে ধৰি মুঠ ১৩ টা দাবী স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে।

আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে যোৱা ২৬ ফেব্ৰুৱাৰিত দিচপুৰৰ লাষ্টগেইটত কৰা প্ৰতিবাদক সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছে।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ৰণ্টু নেওগে এটা বিবৃতিত কয় যে জনজাতিৰ পৰিচয় ভূমিপুত্ৰসকলৰ জন্মগত অধিকাৰ।

ইয়াৰ বিৰোধিতা কৰাটো অতি দুৰ্ভাগ্যজনক। কেইজনমান সুবিধাবাদী নেতাই নিজৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে সস্তীয়া জনপ্ৰিয়তাৰ বাবে এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বুলি বিবৃতিটোত মন্তব্য কৰে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা এই অপশক্তিসমূহৰ বিৰুদ্ধে ৰাজ্যজুৰি এক সবল আৰু শক্তিশালী সংগ্ৰাম গঢ় লৈ উঠিব বুলি চুতীয়া ছাত্ৰ-সন্থাৰ নেতাজনে স্পষ্ট কৰি দিছে।