• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক অসাংবিধানিক বুলি কোৱা আদিত্য খাখলাৰীক সকীয়নি কোচ ৰাজবংশী সন্মিলনীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 16, 2018 9:37 pm
Koch_Rajbongshi

৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ থকাৰ সময়তে অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক আদিত্য খাখলাৰীয়ে যোৱা ১৪ জুলাইত এখন সংবাদমেলত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অসাংবিধানিক বুলি মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী।

আজি, ১৬ জুলাইত দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শইকীয়াই আদিত্য খাখলাৰীৰ এই মন্তব্যৰ গৰিহণা দিয়ে। সংবাদমেলত সংগঠনটোৰ কাৰ্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ দেব, সাধাৰণ সম্পাদক ৰঞ্জিত কুমাৰ ৰায় আৰু সহকাৰী সম্পাদক দীপক বৰ্মনো উপস্থিত থাকে।

Apply Now

“তেওঁলোক জনজাতি হৈ আছে, গতিকে আন কোনোবাই জনজাতিৰ মৰ্য্যাদা পোৱাত তেওঁলোকে হকাবাধা কৰিব নালাগে। এনেকুৱা মন্তব্য কৰি অসমৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত বিভেদ তথা ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি নকৰিব।” এইদৰে আজি বীৰেশ্বৰ শইকীয়াই আদিত্য খাখলাৰীক সকীয়াই দিয়ে।

উল্লেখ্য যে, যোৱা ১৪ জুলাইত জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক আদিত্য খাখলাৰীয়ে জনজাতি সংগঠন আৰু বুদ্ধিজীৱীসকলৰ বৈঠকত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অসাংবিধানিক বুলি মন্তব্য কৰিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে সংগঠনটোৱে বড়োসকলৰ জনজাতিৰ মৰ্য্যাদা কৰ্তন কৰিব লাগে বুলিও মন্তব্য কৰে। তেওঁলোকে কয় যে বিটিচি গঠন হোৱাৰ পাছৰ পৰাই বড়োসকলৰ অৱস্থাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। তেওঁলোক এতিয়া আন জনগোষ্ঠীৰ তুলনাত বহু উন্নত হৈছে। গতিকে তেওঁলোক এতিয়া জনজাতি হৈ থকাৰ কোনো প্ৰয়োজন নাই বুলি সংবাদমেলত মন্তব্য কৰে।

আনহাতে, জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্থিতিকো সমালোচনা কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শইকীয়াই। তেওঁ কয়, “বিজেপিয়ে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপি শাসনলৈ আহিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বুলি কথা দিছিল। কিন্তু চৰকাৰৰ চাৰিটা বছৰ পূৰ্ণ হোৱাৰ পাছতো এই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে।”

ইয়াৰ লগতে আগন্তুক ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ছয়-জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে বিজেপিৰ বিৰুদ্ধে কোচ ৰাজবংশীসকলে ব্যাপক জনমত গঠন কৰিব বুলিও সকীয়াই দিয়ে।

ইপিনে, আজিৰ এই সংবাদমেলতেই জনজাতিকৰণৰ দাবীত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে ধাৰাবাহিক আন্দোলন কাৰ্যসূচীও ঘোষণা কৰে।

সেই অনুসৰি অহা ২০ জুলাইত দীঘলীপুখুৰীপাৰত অৱস্থান ধৰ্মঘট, ৬ আগষ্টত কোকৰাঝাৰৰ চৌটাৰ ৰেইল ষ্টেইশ্যন আৰু শিবসাগৰত ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd