জখলাবন্ধা বন বিভাগৰ অভিযানত জব্দ চাৰিখন অবৈধ শিলভৰ্তি ডাম্পাৰ

WhatsApp-Image-2018-01-22-at-21.43.20-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যত অব্যাহত আছে শিলৰ অবৈধ সৰবৰাহ। জখলাবন্ধাত আৰক্ষী আৰু বন বিভাগৰ অভিযানত দেওবাৰে নিশা চাৰিখনকৈ অবৈধ শিলভৰ্তি ডাম্পাৰ জব্দ কৰা হয়।

কাৰ্বি পাহাৰৰ পৰা চালানবিহীন ভাৱে আনি থকা অৱস্থাত জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জখলাবন্ধা আৰক্ষীৰ সহযোগত জখলাবন্ধা খণ্ড বন বিভাগে NRL তেল ডিপুৰ সমীপত অবৈধ শিলভৰ্তি বাহন কেইখন জব্দ কৰে।

দেওবাৰে নিশা জব্দকৃত শিলভৰ্তি ডাম্পাৰ চাৰিখনৰ নম্বৰ ক্ৰমে AS-02-AC-7785 , AS-01-HC-6479 , AS-02-BC-4418 আৰু AS-02-BC-4388 ।

কাৰ্বি আংলং জিলাৰ বন বিভাগৰ নাকৰ তলতেই অব্যাহত থকা বনজ সম্পদৰ লুণ্ঠনৰাজে উদঙাইছে বন বিভাগৰ ব্যৰ্থতা। কলিয়াবৰত জব্দ হোৱা অবৈধ শিলভৰ্তি উক্ত ডাম্পাৰ ৪ খনে ৰাজ্যত যে বনজ সম্পদৰ চোৰাং বেহা অব্যাহত আছে তাৰেই প্ৰমাণ দিছে।

প্ৰায়ে বনবিভাগৰ চকুত ধুলি দি নিশাৰ ভাগত চলিছে কাৰ্বি পাহাৰৰ পৰা অবৈধভাৱে শিলৰ সৰবৰাহ। অবৈধ খননকাৰ্য চলাই কাৰ্বি পাহাৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথদি চোৰাং শিল-ব্যৱসায়ীয়ে একাংশ শিল-ভঙা উদ্যোগলৈ যোগান ধৰি অব্যাহত ৰাখিছে শিলৰ সৰবৰাহ।